
নিউজ ডেস্কঃ যেন মৃত্যুৰ দুৱাৰমুখৰ পৰা উভতি আহিল এজন ব্যক্তি!
গাৰ ওপৰেৰে পাৰ হৈ গ’ল ৰে’লগাড়ী। কিন্তু তাৰ পিছতো কোনো হানি বিঘিনি নোহোৱাকৈ জীৱন ৰক্ষা পৰিল ব্যক্তিজনৰ।
সামাজিক মাধ্যমত এই শিহৰণকাৰী সময়ৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতে স্তম্ভিত হৈ পৰিছে নেট ব্যৱহাৰকাৰীয়ে।
কোনোৱে যদি ব্যক্তিজনক ভাগ্যই সংগ দিয়াৰ কথা কৈছে, আন কোনোৱে আকৌ তেওঁৰ উপস্থিত বুদ্ধিৰ শলাগ লৈছে।
দৰাচলতে এই ঘটনা সংঘটিত হৈছে বিহাৰৰ ভাগলপুৰৰ কহলগাঁও ষ্টেচনত।
জানিব পৰা মতে, ব্যক্তিজনে অভাৰব্ৰীজৰে পাৰ হোৱাৰ পৰিৱৰ্তে শ্বৰ্ট কাট লৈ ৰে’লৰ তলেৰে ৰে’ললাইন পাৰ হোৱাৰ চেষ্টা কৰিছিল।
হাতত এটা বেগ লৈ থকা ব্যক্তিজনে ৰে’লৰ তলেৰে পাৰ হ’বলৈ লওতেই হঠাৎ ৰে’লখন চলিবলৈ আৰম্ভ কৰে। যাৰ ফলত ব্যক্তিজনে তললৈ মূৰ কৰি ৰে’ল লাইনৰ ওপৰতে শুই পৰে।
बिहार के भागलपुर में एक यात्री पटरी के बीच पेट के बल लेटा रहा और ऊपर से गुज़रती रही मालगाड़ी। वीडियो सोशल मीडिया पर खूब हो रहा है वायरल। कहलगांव स्टेशन का बताया जा रहा है वीडियो, जिसके वायरल होते ही रेल प्रशासन और व्यवस्था पर सवाल खड़े हो रहे हैं।#Bihar #Bhagalpur #ViralVideo pic.twitter.com/mGBXP4BVPV
— Bihar Tak (@BiharTakChannel) November 11, 2022
ব্যক্তিজনে ৰে’লখন তেওঁৰ গাৰ ওপৰেৰে সম্পূৰ্ণৰূপে পাৰ নোহোৱা পৰ্যন্ত ৰে’ল লাইনত তেনেদৰেই শুই থাকে। যাৰ ফলত ভয়ংকৰ পৰিস্থিতিৰ পৰা ৰক্ষা পৰে ব্যক্তিজন।
ব্যক্তিজনৰ এই ভয়ংকৰ কাণ্ডৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।