ৰাইজৰ ৰোষত দুই চিলনী চোৰ, উত্তম-মধ্যম শোধাই জ্বলাই দিলে চুৰিকাৰ্য্যত ব্যৱহৃত বাইক…

ৰাইজৰ ৰোষত দুই চিলনী চোৰ, উত্তম-মধ্যম শোধাই জ্বলাই দিলে চুৰিকাৰ্য্যত ব্যৱহৃত বাইক।

কামৰূপ জিলাৰ কমলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত তথা চাংসাৰিৰ নিকটৱৰ্তী বোকাত দুই চিলনী চোৰক ৰাইজে হাতে লোটে কৰায়ত্ত কৰি উত্তম-মধ্যম শোধায়।

জানিব পৰা মতে, বোকা গাঁৱৰ প্ৰয়াত ললিত ডেকাৰ পত্নী চন্দ্রমা ডেকাই বোকা পূজাখলাৰ সমীপৰে খোজ কাঢ়ি গৈ থকা অৱস্থাত এখন ক’লা ৰঙৰ পালচাৰ বাইকত অহা দুগৰাকী দুৰ্বৃত্তই মহিলাগৰাকীৰ সোণৰ চেইন কাঢ়ি উধাও হয়।

লগে লগে সেই স্থানত থকা একাংশ লোকে বাইকখনৰ পিছে পিছে খেদি গৈ আঠগাঁৱত দুর্বৃত্ত দুগৰাকীক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।

চিলনী চোৰ দুটাক কৰায়ত্ত কৰি উত্তেজিত লোকে উত্তম-মধ্যম শোধোৱাৰ লৰগে চিলনী চোৰে ব্যৱহাৰ কৰা এ এছ ০১ ই টি ৭১১৪ নম্বৰৰ ক’লা ৰঙৰ পালচাৰ বাইকখন জ্বলাই দিয়ে।

ঘটনা সন্দৰ্ভত কমলপুৰ আৰক্ষীক অৱগত কৰাত কমলপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বীৰেন বৰুৱাই ঘটনাস্থলীত উপস্থিত হয়।

আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ দুৰ্বৃত্ত দুগৰাকীক চমজি লৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

ধৃত দুই চোৰ হৈছে- ৰঙিয়া বালাগাঁৱৰ হাফিজুল ৰহমান আলী আৰু ৰঙিয়া পাচনং ৱাৰ্ডৰ হৃদয়ৰনীয়া।