অসম
ৰহাৰ বিধায়ক শশীকান্ত দাসক কিয় ধমক দিলে স্বাস্থমন্ত্ৰী কেশৱ মহন্তই..?

কংগ্ৰেছৰ নিলম্বিত তথা বিজেপিৰ ঘনিষ্ঠ ৰহাৰ বিধায়ক শশীকান্ত দাসে এইবাৰ ধমক খালে মন্ত্ৰী কেশৱ মহন্তৰ।
ৰাজহুৱাকৈয়ে স্বাস্থ্যমন্ত্ৰী গৰাকীয়ে ধমক দিলে বিধায়ক শশীকান্ত দাসক।
গুণোৎসৱ উপলক্ষে ৰহা বালিকা উচ্চ মাধ্যমিক বিদ্যালয়লৈ আহিছিল কেশৱ মহন্ত।
একে সময়তে নিৰাপত্তাৰক্ষী লৈ বিদ্যালয়খনত প্ৰৱেশ কৰে বিধায়ক শশীকান্ত দাসে।
ইয়াতে শশীকান্তৰ ওপৰত খৰ্গহস্ত হৈ পৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত।
বিদ্যালয়ৰ ভিতৰত কিয় পুলিচ লৈ আহিছা বুলি মন্ত্ৰীগৰাকীয়ে ধমক দিয়ে ৰহাৰ বিধায়কগৰাকীক।
ৰাজহুৱাকৈয়ে এই ধমক দিয়া কাৰ্যক লৈ ইতিমধ্যে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
উল্লেখ্য যে, গুণোৎসৱ উপলক্ষে অসমৰ ভিন্ন প্ৰান্তত বিদ্যালয়সমূহত মন্ত্ৰী-বিধায়কসকল নিজে উপস্থিত হৈ বুজ লৈছে ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ।