অসম

ৰহস্যজনক! ফুটবল খেলিবলৈ গৈ একলগে সন্ধানহীন তিনিজনকৈ স্কুলীয়া ছাত্ৰ, পৰিয়ালত হাহাকাৰ

এক ৰহস্যজনক ঘটনা।

ফুটবল খেলিবলৈ গৈ একলগে সন্ধানহীন তিনিজনকৈ স্কুলীয়া ছাত্ৰ।

চৰাইদেউ জিলাৰ কাকতি বাৰী থানাৰ অন্তৰ্গত মাহমৰা অঞ্চলৰ পৰা একেদিনাই সন্ধানহীন হৈছে তিনিজনকৈ স্কুলীয়া ছাত্ৰ।

ঘটনা সন্দৰ্ভত ছাত্ৰ তিনিজনৰ পৰিয়ালৰ লগতে আৰক্ষী সূত্ৰৰ পৰা লাভ কৰা তথ্যানুসৰি মাহমৰাৰ বনমালী, দিচাংকোষ আৰু মাণিকী অঞ্চলৰ পৰা যোৱা ৩০ নৱেম্বৰৰ বিয়লি খেলিবলৈ যোৱা অৱস্থাত ছাত্ৰ তিনিজন নিৰুদ্দেশ হয়।

নিৰুদ্দিষ্ট ছাত্র তিনিজন হৈছে ক্রমে মাণিকী তিনিআলি নিবাসী বীৰছা চবৰৰ একমাত্ৰ পুত্ৰ গোপাল চবৰ (১৭), বনমালী চাহ বাগিচাৰ ভূঞা লাইন নিবাসী জিতেন মুড়াৰ জ্যেষ্ঠ পুত্র দীপ মুড়া (১৭) আৰু দিচাংকোষ গাঁও নিবাসী ৰঞ্জিত গড়ৰ একমাত্ৰ পুত্ৰ সুৰজ গড় (১৩)।

ইয়াৰে গোপাল চবৰ আৰু দীপ মুড়া মাহমৰাৰ জজলী পাঁচআলিস্থিত ছহিদ কনকলতা উচ্চ মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ ছাত্ৰ আৰু সুৰজ গড় বনমালী জনতা মধ্য ইংৰাজী বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্র।

তিনিওজন ছাত্রই উক্ত দিনা বিয়লি প্রায় ৩ বজাত জনতা মধ্য ইংৰাজী বিদ্যালয়ৰ খেলপথাৰত ফুটবল খেলিবলৈ যোৱাৰ পিচৰে পৰা নিৰুদ্দেশ হৈ আছে।

পৰিয়ালৰ লোকে বহু বিচাৰ খোচাৰ কৰে যদিও কোনো শুংসূত্র নাপাই ঘটনা সন্দৰ্ভত কাকতিবাৰী থানাত এজাহাৰ দাখিল কৰিছে।

ছাত্ৰকেইজনৰ কোনো সন্ধান পালে ওচৰৰ থানা নাইবা 9395254064, 9395641071 নাইবা 8822324246 ম’বাইল নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।

Related Articles

Back to top button