অসম

ৰহস্যজনক! প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নুৰ ইছলামে বাচি ল’লে জীৱনৰ চৰম সিদ্ধান্ত…

এক চাঞ্চল্যকৰ ঘটনা।

এগৰাকী প্ৰাথমিক বিদ্যালৰ প্ৰধান শিক্ষকে ৰহস্যজনকভাৱে বাচি ল’লে জীৱনৰ চৰম সিদ্ধান্ত।

লক্ষীপুৰৰ কাছিকাটা প্ৰাথমিক বিদ্যালৰ প্ৰধান শিক্ষক নুৰ ইছলামে সংঘটিত কৰিছে এই ঘটনা।

গোৱালপাৰা কাচিকাটা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক নুৰ ইছলামে যোৱা নিশা নিজ বাসগৃহতে চিপ লৈ আত্মহত্যা কৰে।

ইপিনে বিদ্যালয় পৰিচালনা সমিতিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি পৰিয়ালে দাখিল কৰে এজাহাৰ।

জানিব পৰামতে, শিক্ষকজনে কৰ্মৰত কাচিকাটা প্ৰাথমিক বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সৈতে কেইবাদিনো ধৰি চলি আছিল কন্দল।

যাৰ ফলত শিক্ষকজনে এনেদৰে জীৱনৰ চৰম সিদ্ধান্ত বাচি লোৱাৰ অভিযোগ উত্থাপন হৈছে।

ঘটনাৰ সঠিক তদন্ত বিচাৰি পৰিয়ালৰ লোকে লক্ষীপুৰ আৰক্ষী থানাত দাখিল কৰিছে এখন এজাহাৰ।

ইতিমধ্যে ঘটনাস্থলীত লক্ষীপুৰ আৰক্ষী উপস্থিত হৈ শিক্ষকজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গোৱালপাৰা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।

Related Articles

Back to top button