নিউজ ডেস্কঃ পত্নী-কন্যাৰ সৈতে ফুৰিবলৈ গৈ বহিঃৰাজ্যত ৰহস্যজনকভাৱে সন্ধানহীন অসমৰ এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যক্ষ।
হোটেলৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছে ব্যক্তিজন।
সন্ধানহীন ব্যক্তিজন হাউলীৰ মৈৰামাৰা ঘনকান্ত দাস।
জানিব পৰা মতে, গৌৰীপুৰৰ প্ৰমথেশ বৰুৱা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ আছিল ঘনকান্ত দাস।
কিছুদিন পূৰ্বে পত্নী আৰু কন্যাৰ সৈতে তেওঁ প্ৰমোদ ভ্ৰমণলৈ গৈছিল পশ্চিম বংগলৈ।
পশ্চিম বংগৰ দীঘাৰ এখন হোটেলত সপৰিয়ালে বাহৰ পাতিছিল দাসে।
কিন্তু মঙলবাৰে হোটেলৰ পৰা কোনো কামত ওলাই অহাৰ পিছতে সন্ধানহীন হৈ পৰে অৱসৰপ্ৰাপ্ত অধ্যক্ষগৰাকী।
পৰিয়ালৰ লোকে ইফালে সিফালে বিচাৰ খোচাৰ কৰিও কোনো সম্ভেদ লাভ নকৰাত এতিয়া উদ্বিগ্ন হৈ পৰিছে।
ইতিমধ্যে দাসৰ নিৰুদ্দেশ সন্দৰ্ভত দীঘা আৰক্ষীৰ ওচৰত এখন এজাহাৰ দাখিল কৰিছে পত্নী আৰু কন্যাই।