অসম
ৰহস্যজনক! নিজ বাসগৃহৰ পৰা সন্ধানহীন থানেশ্বৰ শৰ্মা, পৰিয়ালত হাহাকাৰ…

এক ৰহস্যজনক ঘটনা।
নিজ বাসগৃহৰ পৰা সন্ধানহীন পলাশবাৰীৰ এগৰাকী বৃদ্ধ লোক।
নিৰুদ্দিষ্ট লোকজন পলাশাবাৰীৰ গোসাঁই মেধীপাৰাৰ থানেশ্বৰ শৰ্মা।
জানিব পৰামতে, যোৱা ৩০ ডিচেম্বৰ তাৰিখৰ দিনা দুপৰীয়া ১১ মান বজাত নিজ ঘৰৰ পৰা ওলাই যোৱাৰ পৰাই সন্ধানহীন হৈ আছে থানেশ্বৰ শৰ্মা।
উল্লেখ্য যে, থানেশ্বৰ শৰ্মা কিছু মানসিকভাৱে অসুস্থ আছিল।
ঘটনা সন্দৰ্ভত পৰিয়ালৰ লোকে বিজয়নগৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছে যদিও বৰ্তমানলৈকে কোনো ধৰণৰ শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই পৰিয়ালে।
কোনো লোকে সন্ধানহীন থানেশ্বৰ শৰ্মাক প্ৰত্যক্ষ কৰিলে বা কিবা সম্ভেদ লাভ কৰিলে 99549-17831 নম্বৰ নাইবা ওচৰৰ আৰক্ষীৰ লগত যোগাোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে।