fbpx
অসম

ৰহস্যজনক! থানা চৌহদৰ কোৱাৰ্টাৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ আৰক্ষী জোৱান চানু গগৈৰ মৃতদেহ

এক ৰহস্যজনক ঘটনা।

থানা চৌহদৰ কোৱাৰ্টাৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ এগৰাকী আৰক্ষী জোৱানৰ মৃতদেহ।

ধেমাজি জিলাৰ গেৰুকামুখত শনিবাৰে পুৱা আৰক্ষী থানা চৌহদত চিপ লোৱা অৱস্থাত উদ্ধাৰ হৈছে এগৰাকী আৰক্ষী জোৱানৰ মৃতদেহ।

মৃত জোৱানজন চানু গগৈ(২৭) বুলি জানিব পৰা গৈছে।

ডিব্ৰগড় জিলাৰ টিংখাঙৰ ১ নং নাচনী গাঁৱৰ নৃপেন গগৈ আৰু অনিমা গগৈৰ একমাত্ৰ পুত্ৰ হৈছে চানু গগৈ(২৭)।

প্ৰশিক্ষণ সামৰি আৰক্ষীত যোগদান কৰা দুমাহৰ পিছতে সংঘটিত এই ঘটনাক সহজভাৱে ল’ব পৰা নাই পৰিয়ালৰ লোকে।

পৰিয়ালৰ লোকে এই ঘটনাক হত্যা বুলি সন্দেহ প্ৰকাশ কৰিছে৷ চাুনক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰা বুলি দাবী কৰি ঘটনাৰ উচিত তদন্তৰ দবী কৰিছে পৰিয়ালৰ লোকে।

উল্লেখ্য যে, চানু গগৈৰ মৃতদেহ নিজ বাসগৃহ আহি পৰাৰ পিছতে এক শোকাকুল পৰিৱেশৰ সৃষ্টি হয় সমগ্ৰ গাঁৱখনত।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!