অসম

ৰহস্যজনক! কুঁৱাত পুতি থোৱা অৱস্থাত উদ্ধাৰ ছাত্ৰীৰ মৃতদেহ, পলাতক পৰিয়ালবৰ্গ…

এক চাঞ্চল্যকৰ ঘটনা!

ৰহস্যজনকভাৱে মৃত্যু ঘটা ছাত্ৰীৰ মৃতদেহ কুঁৱাত পুতিলে পৰিয়ালে।

এক ঘটনা সংঘটিত হৈছে কাৰ্বি আংলং জিলাৰ বকলীয়াঘাট আৰক্ষী থানাৰ অন্তৰ্গত ২নং নামবকলীয়া গাঁৱত।

আঠ দিন পাছত দণ্ডাধীশৰ উপস্থিতিত আজি উদ্ধাৰ কৰা হয় মৃতদেহটো।

প্রায় আঠ দিন পূৰ্বে ৰহস্যজনক মৃত্যু হৈছিল দশম শ্ৰেণীৰ ছাত্ৰী সুনীতা সিং ওৰফে ললিতা সিঙৰ।

ছাত্ৰীগৰাকী বকলীয়াঘাট টাউন জনতা হিন্দী হাইস্কুলৰ দশম শ্ৰেণীত অধ্যয়নৰত।

মৃত্যুৰ পাছত কুঁৱাত পুতি ৰখা হয় ছাত্ৰীৰ মৃতদেহটো।

ইপিনে এই ঘটনাত পৰিয়ালৰ লোক জড়িত থকাৰ সন্দেহ কৰা হৈছে। কিয়নো প্ৰথমে ঘটনাটো গাপ দিছিল পৰিয়ালবৰ্গই আৰু তাৰ পাছত ঘটনাটো ৰাষ্ট্ৰ হোৱাত ঘৰ এৰি পলায়ন কৰে পৰিয়ালৰ লোকে।

কাৰ্বি আংলঙৰ বকলীয়াঘাট আৰক্ষী থানাৰ অন্তৰ্গত ২নং নাম বকলীয়া নিবাসী মহেন্দ্ৰ সিঙৰ কন্যা ললিতা সিং।

টাউন জনতা হিন্দী হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰী ললিতা সিং ওৰফে সুনীতা সিং বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ পৰীক্ষাত উপস্থিত হোৱা নাছিল। শিক্ষকে মৃত্যুৰ খবৰ পাই গাঁৱত উপস্থিত হোৱাত গাঁও বাসী অৱগত নাছিল ঘটনাটো পাছত বকলীয়াঘাট আৰক্ষীক অৱগত কৰাত আৰম্ভ হয় তদন্ত।

ছাত্ৰীগৰাকীৰ মৃত্যু কেনেদৰে হ’ল, মৃতদেহ কিয় পুতি ৰখা হ’ল কুঁৱাত, পৰিয়ালবৰ্গই কিয় পলায়ন কৰিছে, সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত।

ইতিমধ্যে কাৰ্বি আংলং জিলা আৰক্ষী অধীক্ষক গৰাকীয়ে সোমবাৰে পুৱা ঘটনাস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়।

উল্লেখ্য যে, পাঁচজনীয়া পৰিয়ালটোত আছিল পিতৃ মহেন্দ্র সিং, মাতৃ, ললিতা আৰু দুই ভাতৃ।

সুনীতা জ্যেষ্ঠ আছিল যদিও কনিষ্ঠ ভাতৃয়ে মদ্যপান কৰি মাতৃ আৰু ভগ্নীক মাৰধৰ কৰাৰ গুৰুতৰ অভিযোগ আছে।

স্থানীয় লোকে এয়া এক হত্যাকাণ্ড বুলিয়েই সন্দেহ প্রকাশ কৰিছে।

ইতিমধ্যে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।

Related Articles

Back to top button