ৰহস্যজনক! কলিয়াভোমোৰা দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জঁপিয়ালে নিহালে, পৰিয়ালত হাহাকাৰ…

এক ৰহস্যজনক ঘটনা।
কলিয়াভোমোৰা দলঙৰ পৰা ব্ৰহ্মপুত্ৰত বুকত জঁপিয়ালে এগৰাকী যুৱকে।
তেজপুৰৰ নতুন কলিয়াভোমোৰা দলঙৰ ৩ নম্বৰ খুঁটাৰ ওপৰৰ পৰা নিশা ৰহস্যজনকভাৱে যুৱকজনে ব্ৰহ্মপুত্ৰত জাঁপ দিয়া ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।
এই ঘটনাৰ পিচতে নিশা কলিয়াভোমোৰা দলঙত উপস্থিত হোৱা তেজপুৰ আৰক্ষীৰ এটা দলে যুৱকজনৰ সন্ধান বিচাৰি অভিযান আৰম্ভ কৰে।
কলিয়াভোমোৰা দলঙৰ পৰা ব্ৰহ্মপুত্ৰত জাঁপ মাৰি সন্ধানহীন হোৱা যুৱকজনৰ নাম নিহাল কাকতি বুলি জানিব পৰা গৈছে।
নিহালৰ ঘৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ জৰাবাৰী গাঁৱত বুলি জানিব পৰা গৈছে।
ঘটনা অনুসৰি নিহাল কাকতি নামৰ যুৱকজনে দীপু বৰুৱা নামৰ এজন যুৱকৰ সৈতে নগাঁও দিশৰ পৰা তেজপুৰ অভিমুখে আহি থকাৰ সময়তে নতুন কলিয়াভোমোৰা দলঙত পূজা কৰাৰ বাবে হঠাতে গাড়ীখন ৰখাই ব্ৰহ্মপুত্ৰত জাঁপ দিয়ে।
কিন্তু যুৱকজনে এনেদৰে ব্ৰহ্মপুত্ৰত কিয় জাঁপ দিলে সেয়া বর্তমানেও জানিব পৰা হোৱা নাই যদিও ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে।