অসম
ৰহস্যজনকভাৱে সন্ধানহীন গুৱাহাটীৰ ২ যুৱতী

নিউজ ডেস্ক। ৰহস্যজনকভাৱে সন্ধানহীন গুৱাহাটী মহানগৰীৰ দুগৰাকী যুৱতী।
যুৱতী দুগৰাকীৰ ঘৰ গুৱাহাটী মহানগৰীৰ খাৰঘূলী আৰু উজান বজাৰত।
১৫ ফেব্ৰুৱাৰী, মঙলবাৰৰ পৰা যুৱতী দুগৰাকী সন্ধানহীন হৈ আছিল বুলি তথ্য প্ৰকাশ পাইছে।
কৰ্মসূত্ৰে ঘৰৰ পৰা ডিব্ৰুগড়ৰ বান্ধৱীৰ ঘৰলৈ ওলাই যোৱাৰ কথা সদৰি কৰিছিল যুৱতীদ্বয়ে।
কিন্তু যুৱতী দুগৰাকীয়ে আলফা স্বাধীনত যোগদান কৰাৰ সন্দেহ কৰিছে পৰিয়ালে।
এগৰাকী যুৱতীৰ আত্মীয়ই দিয়া তথ্য অনুসৰি, আলফাৰ বিষয়ে বিভিন্ন কিতাপ তথা বাতৰি পঢ়াৰ লগতে আলফা সন্দৰ্ভত বিভিন্ন তথ্য সংগ্ৰহ কৰি গৈছিল যুৱতী দুগৰাকীয়ে।
কন্যাৰ এই খবৰ লাভ কৰি কান্দোনত ভাগি পৰিছে মাতৃ।
যদিহে প্ৰকৃতাৰ্থত তেওঁলোকে আলফাত যোগদান কৰিছে আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱালৈ দুই কন্যাক সুকলমে ঘৰলৈ ঘূৰাই পঠোৱাৰ কাতৰ আহ্বান মাতৃৰ।