fbpx
অসমীয়াৰাষ্ট্ৰীয়

ৰে’ল দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে আজৱ সিদ্ধান্ত! বিশ্ৰামগৃহত মোবাইল ফোন ব্যৱহাৰ কৰিব নোৱাৰিব লোকো পাইলটে…

নিউজ ডেস্কঃ ৰে’ল দুৰ্ঘটনা হ্ৰাস কৰাৰ বাবে আজৱ সিদ্ধান্ত ভাৰতীয় ৰে’লৱেৰ।

এতিয়াৰে পৰা বিশ্ৰামগৃহৰ ভিতৰত মোবাইল ফোন ব্যৱহাৰ কৰিব নোৱাৰিব ৰে’লৰ লোকো পাইলটে।

বাতৰি অনুসৰি, লোকো পাইলটসকলে কামৰ অন্তত নিজৰ বাংলোত প্ৰৱেশ কৰাৰ পূৰ্ব কাউণ্টাৰত জমা দিব লাগিব তেওঁলোকৰ মোবাইল ফোন।

ৰে’ল দুৰ্ঘটনা হ্ৰাস কৰাৰ লক্ষ্যৰেই এই নতুন নিৰ্দেশনা জাৰি কৰিছে ৰে’লৱেয়ে।

ৰে’লৱেৰ মতে, মন আৰু শৰীৰৰ বাবে প্ৰয়োজনীয় টোপনি নিশ্চিত কৰাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

ইয়াৰ উপৰিও বিপদৰ সময়ত পাছ কৰা স্পেড সংকেত (SPAD) হ্ৰাস কৰাত সহায় কৰিব। কাউণ্টাৰত ফোন ৰখাৰ পিছত লোকো পাইলটসকলক কোঠাত প্ৰৱেশৰ বাবে টোকেন প্ৰদান কৰা হ’ব।

বৰ্তমান এই বিশেষ নিৰ্দেশ জাৰি কৰা হৈছে কেৰালাৰ লোকো পাইলটসকলৰ বাবে।

কেৰালাৰ সংমণ্ডলত বৰ্তমান ৫৫ গৰাকী মহিলাকে ধৰি মুঠ ১১৪৩ গৰাকী লোকো পাইলট আছে।

ইয়াৰে ৫৪৩ জন সহকাৰী লোকো পাইলট। ৰেল চলোৱাৰ পিছত ষ্টেচনত চলি থকা বাংলোতে তেওঁলোকে জিৰণি লয়।

ইফালে ৰে’লৱেৰ এই পদক্ষেপৰ বিৰোধিতা কৰি লোকো পাইলটসকলে এই সিদ্ধান্ত তেওঁলোকৰ গোপনীয়তাত আঘাত কৰা বুলি দাবী কৰে।

এগৰাকী লোকো পাইলটে কয়, “আমাৰ বেছিভাগেই ফোনত অলপ সময়হে কটাওঁ। ফোন ব্যৱহাৰত বাধা দিয়াৰ পৰিৱৰ্তে তেওঁলোকে প্ৰথমে প্ৰস্ৰাৱগাৰত মৌলিক সুবিধাসমূহ নিশ্চিত কৰিব লাগে।”

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!