অসম

ৰঞ্জন দৈমাৰী বড়ো জাতিৰ এজন ডাঙৰ নেতা, আইনী প্ৰক্ৰিয়াৰ মাজেৰে মুক্তি হোৱাতো বিচাৰোঃ প্ৰমোদ বড়ো…

অভিশপ্ত ৩০ অক্টোবৰৰ বোমা বিস্ফোৰণৰ মূল খলনায়ক ৰঞ্জন দৈমাৰীৰ যাৱজ্জীৱন কাৰাদণ্ডৰ বাহাল ৰখাক লৈ অসন্তুষ্ট বিটিআৰৰ প্ৰধান প্ৰমোদ বড়ো।

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়দানৰ পিছতে সংবাদ মাধ্যমৰ সন্মুখত দুখ প্ৰকাশ প্ৰমোদ বড়োৰ।

ৰঞ্জন দৈমাৰীৰ শাস্তি হ্ৰাস সম্পৰ্কে অসম আৰু ভাৰত চৰকাৰৰ লগত কথা পাতিব বুলিও মন্তব্য কৰে প্ৰমোদ বড়োৱে।

প্ৰমোদ বড়োৱে কয় যে, বড়ো শান্তি প্ৰক্ৰিয়াৰ এজন আগভাগ লোৱা ব্যক্তি আছিল ৰঞ্জন দৈমাৰী। ৰঞ্জন দৈমাৰীৰ শাস্তি হ্ৰাস সম্পৰ্কে অসম আৰু ভাৰত চৰকাৰৰ লগত কথা পাতি আহি থকা দিনবোৰত আমি প্ৰয়াস কৰিম। আইনৰ কথা আমি আইনৰ মাজেৰে চাব লাগিব।

তেওঁ কয়- ৰঞ্জন দৈমাৰী বড়ো জাতিৰ এজন ডাঙৰ নেতা। তেখেতলৈ সন্মান আরু শ্ৰদ্ধা সদায় থাকিব। আইনী প্ৰক্ৰিয়াৰ মাজেৰে ৰঞ্জন দৈমাৰীৰ মুক্তি আমি সকলোৱে বিচাৰো।

উল্লেখ্য যে, যোৱা মঙলবাৰে শুনানিৰ অন্তত ৰঞ্জন দৈমাৰীৰ যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় বাহাল ৰাখে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

৩০/১০ৰ ধাৰাবাহিক বিস্ফোৰণৰ মূল অভিযুক্ত ৰঞ্জন দৈমাৰী।

Related Articles

Back to top button