নিউজ ডেস্কঃ পুনৰ ৰাজ্যত ঘোচকাণ্ড।
এইবাৰ ১২ ঘণ্টাৰ ভিতৰতে ঘোচ লৈ গ্ৰেপ্তাৰ তিনিজনকৈ ঘোচখোৰ চৰকাৰী কৰ্মচাৰী।
বুধবাৰে সন্ধিয়া ঘোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ নগাঁও আৰক্ষী থানাৰ উপ-পৰিদৰ্শক (ইউ বি) সুৰুজপল হক।
পুৰণি বিচাৰাধীন গোচৰক সকাহ দিয়াৰ নামত ঘোচ লোৱাৰ সময়তে আৰক্ষী বিষয়াগৰাকীক হাতে-লোটে গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই।
In a late evening Ops, a team of @DIR_VAC_ASSAM trapped red handed and apprehended Sub Inspector(UB) Suruzul Haque of Nagaon PS after he accepted a part of demanded bribe from the complainant for giving him relief in old pending case. @CMOfficeAssam @assampolice @surendrakr_ips pic.twitter.com/B0fkxFzAs0
— Directorate of Vigilance & Anti-Corruption, Assam (@DIR_VAC_ASSAM) April 6, 2023
ইপিনে বৃহস্পতিবাৰৰ দিনটোত ঘোচ লৈ পুনৰ হাতে-লোটে গ্ৰেপ্তাৰ হল দুজন চৰকাৰী কৰ্মচাৰী।
দুটা পৃথক অভিযানত উৎকোচ গ্ৰহণৰ সময়তে গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই।
পুৱা ঘোচ লোৱাৰ সময়ত হাতে-লোটে গ্ৰেপ্তাৰ নগাঁৱৰ লহকৰঘাট গাঁও পঞ্চায়ত চেক্ৰেটেৰী মুকুট চন্দ্ৰ কুমাৰ।
গৃহ মেৰামতিৰ কামৰ বাবে চেক মুকলি কৰাৰ বাবে উৎকোচ লোৱাৰ সময়তে গ্ৰেপ্তাৰ অভিযুক্তজন।
Drive against corruption continues. Today, @DIR_VAC_ASSAM trapped red handed Mukut Ch Kumar, Secretary,Lahkarghat GP, Nagaon, after he accepted a part of demanded bribe from the complainant for releasing cheque for house repairing work. @CMOfficeAssam @assampolice @surendrakr_ips pic.twitter.com/AvEZxzOKEA
— Directorate of Vigilance & Anti-Corruption, Assam (@DIR_VAC_ASSAM) April 6, 2023
ইয়াৰ পিছতে ঘোচখোৰ চৰকাৰী কৰ্মচাৰীৰ সন্ধানত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান চলে বিশ্বনাথঘাটৰ এফ এ আহমেদ হাইস্কুলত।
এই অভিযানত হাতে-লোটে গ্ৰেপ্তাৰ হাইস্কুলখনৰ এলডিএ মহম্মদ আনোৱাৰ হুছেইন।
Third trap within last 12 Hrs. A team of @DIR_VAC_ASSAM trapped red handed and arrested Md. Anowar Hussain, LDA, FA Ahmed High School, Biswanath ghat, after he accepted demanded bribe from the complainant for processing pension works @CMOfficeAssam @assampolice @surendrakr_ips pic.twitter.com/PUSPXXeppa
— Directorate of Vigilance & Anti-Corruption, Assam (@DIR_VAC_ASSAM) April 6, 2023
পেঞ্চনৰ কাম প্ৰক্ৰিয়াকৰণৰ বাবে ধন লোৱাৰ সময়তে গ্ৰেপ্তাৰ হয় আনোৱাৰ।