ৰখাই থোৱা ট্ৰাকত খুন্দা মাৰি জ্বলি উঠিল অল্টো! অগ্নিদগ্ধ হৈ ২ জনৰ মৃত্যু

নিউজ ডেস্কঃ তেলেংগানাৰ নিজামাবাদ জিলাত এখন ৰখাই থোৱা ট্ৰাকত খুন্দা মৰাৰ পিছতে ৰাজপথত জ্বলি উঠে এখন চাৰিচকীয়া বাহন। দুৰ্ঘটনাটোত বাহনখনত থকা দুজন লোকৰ অগ্নিদগ্ধ হৈ মৃত্যু ঘটে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, দেওবাৰে নিশা প্ৰায় ১.৩০ বজাত ভেলপুৰ ক্ৰছৰোডৰ সমীপত সংঘটিত হয় এই ঘটনা। ট্ৰাকখনত খুন্দা মৰাৰ পিছতে দাওদাওকৈ জ্বলি উঠে অল্ট’ বাহনখন।

ইফালে দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত ততাতৈয়াকৈ আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰে যদিও তেতিয়ালৈকে গাড়ীখন সম্পূৰ্ণৰূপে ভষ্মীভূত হৈ পৰে আৰু দুয়োজন লোকে জুইত জীৱন্তে অগ্নিদগ্ধ হৈ প্ৰাণ হেৰুৱায়।

নিহত ব্যক্তি দুজনক সুমন্ত আৰু অনিল বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীৰ এগৰাকী বিষয়াই জনোৱা মতে, দুই বন্ধুৱে কোৰুটলাৰ পৰা আৰ্মুৰলৈ গৈ থকা সময়তে সংঘটিত হয় এই ঘটনা।