ৰখাই থােৱা ট্ৰাকত প্ৰচণ্ড জােৰে খুন্দা স্কুটীৰ, নিহত ১

নিউজ ডেস্ক। এক শোকাৱহ পথ দুৰ্ঘটনা।

পথ দুৰ্ঘটনাটোত থিতাতে নিহত এজন স্কুটী আৰোহী।

কাৰ্বি আংলং জিলাৰ বোকাজান আৰক্ষী চকীৰ অন্তৰ্গত সৰিয়হজান অঞ্চলৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত মঙলবাৰে সন্ধিয়া প্ৰায় ৭ মান বজাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।

দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে স্কুটী আৰোহীজন থিতাতে নিহত হয়।

জানিব পৰা মতে, সৰিয়হজানৰ অঞ্চলৰ সমীপৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত এনএল-০১ এ-৪৭৩৯ নম্বৰৰ এখন ৰখাই থোৱা মালবাহী ট্ৰাকত পিছফালে এএছ ০৯ এইচ ৪৫৭৩নম্বৰৰ স্কুটী আৰোহী লোকজনে প্ৰচণ্ড খুন্দা মৰাৰ ফলতে উক্ত দুৰ্ঘটনাটো সংঘটিত হয়।

মৃত স্কুটী আৰোহীজন বোকাজান চন্দ্ৰপুৰৰ নিবাসী অভিজিৎ গগৈ বুলি জানিব পৰা গৈছে।

লগতে চাওকঃ

চৰকাৰী বিষয়াৰ ঘৰৰ পানীৰ পাইপেৰে ওলাল লাখে লাখে টকা…

Leave a Comment