ৰক্ষকেই ভক্ষক! বন বিষয়া অৰূপ বৈশ্যৰ বাসগৃহত উদ্ধাৰ বন্দুক, কেঁকো সাপ আৰু বহুতো…

বন বিষয়া নহয় যেন চোৰাং চিকাৰী!

বন বিষয়াৰ ঘৰত উদ্ধাৰ কেঁকো সাপ, কাছৰ খোলা, চোৰাং চিকাৰৰ সামগ্ৰী, জীৱ জন্তুৰ ছাল, অংগ প্ৰত্যংগ, বন্দুক, গুলি আদি।

দক্ষিণ কামৰূপৰ কুলচিত কৰ্মৰত কুখ্যাত বন বিষয়া অৰূপ বৈশ্যৰ বংশৰৰ বাসগৃহত বন বিভাগৰ অভিযানত জব্দ হৈছে এই সমগ্রী।

May be an image of 6 people and people standing

কামৰূপৰ বংশৰৰ বৰবাৰী পাহাৰৰ কুখ্যাত বন বিষয়া অৰূপ বৈশ্যৰ ঘৰত চলিল বন বিষয়া সংগীতাৰাণী সিংহাৰ নেতৃত্বত অভিযান।

এই অভিযানত উন্মোচিত হৈছে কি দৰে কুখ্যাত বন বিষয়া অৰূপ বৈশ্যই বন্য প্ৰাণী চোৰাং চিকাৰ আৰু বন্য প্ৰাণী অংগৰ বৃহৎ ব্যৱসায়ৰ গঢ়ি তুলিছে।

No photo description available.

দীৰ্ঘদিনে অৰূপ বৈশ্যই হৰিণ, কেটেলা পহু, অন্য জীৱ জন্তু চিকাৰ কৰি আহিছে।

কেঁকো সাপৰ ক’লা সাম্ৰাজ্যৰ সৈতে জড়িত এই বন বিষয়া অৰূপ বৈশ্য।

বন্য প্ৰাণীৰ অংগৰ চোৰাং চক্ৰৰ সৈতেও জড়িত থকাৰ কথা পোহৰলৈ আহিছে।

অভিযানত জব্দ দুটা সক্ৰিয় বন্দুকসহ বৃহৎ পৰিমাণৰ সক্ৰিয় গুলি আৰু খালী কাৰ্টিজৰ লগতে বৃহৎ পৰিমাণৰ চোৰাং চিকাৰত ব্যৱহাৰ হোৱা জাল,বহুতো আপত্তিজনক অস্ত্ৰ-শস্ত্ৰ ৷

No photo description available.

জব্দ দুটা কেকো সাপ সহ দুষ্প্ৰাপ্য জীৱ জন্তুৰ অংগ পতংগ ,কেটেলা পহুৰ কাইট , কাছৰ খোলা সহ বিভিন্ন জীৱ জন্তুৰ হাড়।

উল্লেখ্য যে, পূৰ্বেও ৰাজপথত বালি ট্ৰাকৰ পৰা ধন লৈ হাতে লোতে ধৰা পৰাৰ পাছত নিলম্বন হৈ ৬ ঘণ্টাৰ ভিতৰত পুনৰ চাকৰিত যোগদান কৰিছিল হাত দীঘল বন বিষয়া অৰুপ বৈশ্যই।

May be an image of text that says "REDMI NOTE PRO MAX QUAD CAMERA"

এই অভিযানে উন্মোচিত কৰিলে কুখ্যাত বন বিষয়া অৰুপ বৈশ্যৰ ছত্ৰছায়াত কিদৰে চলিছিল কামৰূপত বন্যপ্ৰাণীৰ চোৰাং বেহা তথা বন্য প্ৰাণী চিকাৰ।

Leave a Comment