ৰক্তাক্ত সীমান্ত! অসম-মেঘালয় সীমান্তত প্ৰচণ্ড গুলীচালনা, সংঘৰ্ষত থিতাতে নিহত ৪জন লোক…

অসম-মেঘালয় সীমান্তত প্ৰচণ্ড গুলীচালনা।

অসমৰ বনকৰ্মী-খাচী লোকৰ মাজত গুলীয়াগুলী।

অসম আৰক্ষীলৈ লক্ষ্য কৰি গুলীচালনা খাচী দুৰ্বৃত্তৰ।

সংঘৰ্ষত তিনিজন খাচী লোক নিহত হোৱাৰ সম্ভাৱনা।

অসমৰ আৰক্ষী এজন নিহত হোৱাৰো সম্ভাৱনা।

ঘটনাক লৈ তীব্ৰ উত্তেজনা পশ্চিম কাৰ্বি আংলঙৰ মুক্ৰং অঞ্চলত।

image 146
ৰক্তাক্ত সীমান্ত! অসম-মেঘালয় সীমান্তত প্ৰচণ্ড গুলীচালনা, সংঘৰ্ষত থিতাতে নিহত ৪জন লোক... 2

অসমৰ বনকৰ্মী আৰু আৰক্ষীৰ বাহন ঘেৰাও কৰিছে খাচী লোকে।

বনকৰ্মীয়ে জব্দ কৰিছিল চোৰাং কাঠ কঢ়িয়াই অনা এখন ট্ৰাক।

ট্ৰাকখন জব্দ কৰাৰ পিছতে অসমৰ বনকৰ্মীৰ বিৰুদ্ধে ওলাই আহিছিল দুশৰো অধিক খাচী লোক।

দুই শতাধিক খাচী লোকে বনকৰ্মী আৰু অসম আৰক্ষীক ঘেৰাও কৰে।

পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে অসম বনকৰ্মী তথা আৰক্ষীয়ে কৰিছিল শূন্যলৈ গুলীচালনা।

ইয়াৰ পিছতে মেঘালয়ৰ ৭খন জিলাত ম’বাইল সেৱা বন্ধ কৰি দিয়া হৈছে।

৪৮ ঘণ্টাৰ বাবে কৰ্তন কৰা হৈছে ম’বাইল নেটৱৰ্ট সেৱা।

জিলাকেইখন হৈছে- ৰিভয়, ৱেষ্ট জয়ন্তীয়া হিলছ, ইষ্ট জয়ন্তীয়া হিলছ।