
নিউজ ডেস্কঃ পথ দুৰ্ঘটনাত পতিত হৈ চিকিসাধীন হৈ থকা এগৰাকী ব্যক্তিক ৰক্তদান কৰি মহানুভৱতাৰ পৰিচয় দিলে শিৱসাগৰৰ বকতা নেমুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই।
বৰ্তমান ডিব্ৰুগড়ৰ ডমানি হাস্পতালত চিকিৎসাধীন হৈ থকা দুৰ্ঘটনাগ্ৰস্ত লোকজনক মঙলবাৰে ৰক্তদান কৰে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰমানন্দ শইকীয়াই।

উল্লেখ্য যে, সোমবাৰে চেপন-চূনাপাৰা পথত সংঘটিত হৈছিল এক ভয়ংকৰ পথ দুৰ্ঘটনা।
এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছিল উপেন মহন নামৰ এজন ব্যক্তি।
দুৰ্ঘটনাৰ পিছত আৰক্ষীয়ে ব্যক্তিজনক ভৰ্তি কৰাইছিল হাস্পতালত।
OC of Bokota Nemuguri PS Sri Paramananda Saikia donating blood to Sri Upen Mohan who unfortunately met with a road accident at Sepon-Sunpura road on 5.10.22 and presently undergoing treatment in Damani Hospital Dibrugarh.@assampolice @DGPAssamPolice @gpsinghips @HardiSpeaks pic.twitter.com/WWoDXcZhTk
— Sivasagar Police (@SivasagarPol) October 11, 2022
বৰ্তমান হাস্পতালতে চিকিৎসাধীন হৈ আছে দুৰ্ঘটনাত পতিত লোকজন।
ইফালে উপেন মহনক আৰক্ষী বিষয়া পৰমানন্দ শইকীয়াই ৰক্তদান কৰাৰ পিছত তেওঁক প্ৰশংসাৰে উপচাই পেলাইছে ডিব্ৰুগড়বাসীয়ে।