ৰংঘৰৰ সমীপৰ ৭৮ বিঘা ভূমি অধিগ্ৰহণ কৰিব চৰকাৰে, বিহুৰ আখৰাৰ বাবে নিৰ্মাণ কৰা হ’ব মুকলি মঞ্চ

নিউজ ডেস্কঃ ৰংঘৰৰ সমীপৰ ৭৮ বিঘা অধিগ্ৰহণ কৰিব অসম চৰকাৰে। চৰকাৰী আঁচনি ৰূপায়নৰ বাবে এই ভূমি চৰকাৰে ক্ৰয় কৰিব। সোমবাৰে ৰঘৰৰ বাকৰিত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

ৰংঘৰৰ সমীপৰ ভূমি ক্ৰয় কৰিবলৈ ইতিমধ্যে প্ৰায় ৩০ কোটি টকা আৱণ্টন কৰা হৈছে বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে।

সংবাদ মাধ্যমক সম্বোধন কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে ৰংঘৰৰ সমীপৰ যি ৭৮ বিঘা ভূমি চৰকাৰে অধিগ্ৰহণ কৰিব, তাত বিহুৰ আখৰা চলাবলৈ সৰু সৰু মুকলি মঞ্চ স্থাপন কৰা হ’ব। আনহাতে ৰংঘৰত ব্যৱস্থা কৰা হব পোহৰ আৰু শব্দৰো।

ৰংঘৰৰ সমীপত এটা অতিথি শালা নিৰ্মাণ কৰাৰো পৰিকল্পনা ইতিমধ্যে চৰকাৰে প্ৰস্তুত কৰিছে বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

ৰংঘৰ প্ৰকল্পৰ লগতে শিৱসাগৰ জিলাত অসম চৰকাৰে তিনিটা প্ৰকল্পৰ প্ৰস্তাৱ কৰিছে বুলি জনায় মুখ্যমন্ত্ৰীয়ে। ইয়াৰ ভিতৰত এটা প্ৰকল্পৰ অধীনত শিৱসাগৰত টাই আহোম যাদুঘৰৰ সংবৰ্দ্বন কৰা হ’ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।

ইফালে শিৱসাগৰ জিলাক বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবে চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাক ধন্যবাদ জনায় বিধায়ক অখিল গগৈয়ে।

Leave a Comment