অসম

৯ জুলাইত তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব বিৰোধীৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ যশৱন্ত সিনহা

নিউজ ডেস্ক। অহা ৯ জুলাইত তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব বিৰোধীৰ উমৈহতীয়া ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী যশৱন্ত সিনহা। এই কথা জানিবলৈ দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই।

জানিব পৰা মতে, ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীগৰাকীয়ে ৯ জুলাইৰ পৰা ১১ জুলাইলৈকে অসমত থাকি কংগ্ৰেছৰ বিধায়কসকলৰ সৈতে কেইবাখনো বৈঠকত অংশ ল’ব আৰু নিৰ্বাচনী প্ৰচাৰ চলাব।

ইফালে যশৱন্ত সিনহাৰ অসম ভ্ৰমণ কালত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীগৰাকীৰ সৈতে প্ৰচাৰ চলাবলৈ প্ৰদেশ কংগ্ৰেছে আহ্বান জনাইছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু বিৰোধী বিধায়ক মনোৰঞ্জন তালুকদাৰকো।

ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত অসমৰ সকলো কংগ্ৰেছী বিধায়কে যশৱ্ন্ত সিনহাৰ পক্ষতে ভোটদান কৰিব বুলি দৃঢ়তাৰে কয় ভূপেন বৰাই।

ইফালে এইবাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত অসমৰ দ্বিতীয় সৰ্ববৃহৎ বিৰোধী দল এআইইউডিএফে এনডিএৰ প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মুকে সমৰ্থন জনোৱাৰ ইংগিত প্ৰদান কৰিছে।

Related Articles

Back to top button