৯৩ বছৰ বয়সত চতুৰ্থবাৰৰ বাবে বিবাহ পাশত আৱদ্ধ হ’ল চন্দ্ৰৰ বুকুত ভৰি দিয়া দ্বিতীয়গৰাকী মহাকাশচাৰী বাজ এলড্ৰিনে…

নিউজ ডেস্কঃ বয়স তেওঁৰ ৯৩ বছৰ। নীল আমষ্ট্ৰঙৰ পিছত চন্দ্ৰমাত ভৰি দিয়া দ্বিতীয়গৰাকী মহাকাশচাৰী হৈছে তেওঁ। কিন্তু এইবাৰ তেওঁক লৈ চৰ্চা তেওঁৰ মহাকাশ যাত্ৰাক লৈ নহয়। বৰং এইবাৰ তেওঁক লৈ চৰ্চা বিবাহক লৈ।

৯৩ বছৰ বয়সত চতুৰ্থবাৰৰ বাবে বিবাহ পাশত আৱদ্ধ হ’ল চন্দ্ৰৰ বুকুত ভৰি দিয়া দ্বিতীয়গৰাকী মহাকাশচাৰী বাজ এলড্ৰিনে।

লজ এঞ্জেলছত ডা০ এনকা ফ’ৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হ’ল বাজ এলড্ৰিন। সামাজিক মাধ্যমত তেওঁ নিজেই এই বিয়াৰ ফটো শ্বেয়াৰ কৰি আনন্দ ব্যক্ত কৰে।

য’ত তেওঁ লিখিছে, “মোৰ ৯৩ সংখ্যক জন্মদিনত মই আৰু ডাঃ এনকা ফ’ৰৰ বিবাহ সম্পন্ন হোৱা বুলি জনাবলৈ পাই মই আনন্দিত হৈছো। এনকা আৰু মই বহুদিনৰ পৰা ইজনে সিজনক ভাল পাই আহিছো। আমি ঘৰৰ পৰা পলাই বিবাহ পাশত আৱদ্ধ হোৱা কিশোৰ-কিশোৰীসকলৰ দৰেই উত্তেজিত।”

উল্লেখ্য যে, এলড্ৰিনৰ চতুৰ্থ পত্নী ডা০ এনকা ফ’ৰৰ বয়স ৬৩ বছৰ। ৰাসায়নিক অভিযান্ত্ৰিকীত পি এইচ ডি ডিগ্ৰীধাৰী ফ’ৰ এতিয়া এটা ৰিচাৰ্ছ কোম্পানীৰ কাৰ্যবাহী উপ-সভাপতি।

প্ৰণিধানযোগ্য যে, চন্দ্ৰমাত ভৰি দিয়া ১২ গৰাকী মহাকাশচাৰীৰ ভিতৰত বৰ্তমান জীৱিত অৱস্থাত থকা মহাকাশচাৰী হৈছে মাত্ৰ ৪ গৰাকী। তেওঁলোকৰ ভিতৰতে এগৰাকী হৈছে বাজ এলড্ৰিন।

১৯৬৯ চনৰ এপ’ল’-১১ অভিযানে আমেৰিকাক মহাকাশ দৌৰত জয়লাভ কৰিছিল।

১৯৬১ চনতেই আমেৰিকাৰ ৰাষ্ট্ৰপতি জন এফ কেনেডীয়ে ঘোষণা কৰিছিল যে দহ বছৰৰ ভিতৰত আমেৰিকাই এনে এটা অভিযান সম্পূৰ্ণ কৰিব য’ত মানুহে নিৰাপদে চন্দ্ৰলৈ গৈ উভতি আহিব। এই অভিযানৰ কেপ্টেইন আছিল নীল আৰ্মষ্ট্ৰং।

বাজ এলড্ৰিনো আছিল আমষ্ট্ৰঙৰ সেই মহাকাশ যাত্ৰাৰ সংগী। দুয়োজনেই ২ ঘন্টা ৩৬ মিনিট চন্দ্ৰত কটাইছিল।

১৯৩০ চনৰ ২০ জানুৱাৰীত জন্মগ্ৰহণ কৰা বাজ এলড্ৰিনে ১৯৫১ চনত ইউনাইটেড ষ্টেটছ মিলিটাৰী একাডেমী ৱেষ্ট পইণ্টৰ পৰা মেকানিকেল ইঞ্জিনিয়াৰিঙত স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ আমেৰিকাৰ বায়ুসেনাত নিযুক্তি লাভ কৰিছিল। কোৰিয়া যুদ্ধৰ সময়ত তেওঁ জেট পাইলট হিচাপে কাম কৰিছিল।

মেছাচুচেটছ ইনষ্টিটিউট অৱ টেকন’লজি (এম আই টি)ৰ পৰা মহাকাশ বিজ্ঞানত ডক্টৰেট অৱ ছায়েন্স ডিগ্ৰী লাভ কৰে বাজে। ইয়াৰ পিছত নাছাৰ মহাকাশচাৰী গ্ৰুপ-৩ৰ বাবে এলড্ৰিনক নিৰ্বাচিত কৰা হয়।

ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথমজন মহাকাশচাৰীও বাজ। তাৰ পিছত ১৯৭১ চনত তেওঁ নাছা ত্যাগ কৰে। তাৰ পিছত আমেৰিকাৰ বায়ুসেনাৰ টেষ্ট পাইলট স্কুলৰ কমাণ্ডেণ্ট হয়। তাত ২১ বছৰ কাম কৰি অৱসৰ গ্ৰহণ কৰে বাজে।