৯১ লাখ টকাত বিক্ৰী হ’ল প্ৰধানমন্ত্ৰী মোডীক লাভলীনাই উপহাৰ দিয়া বক্সিং গ্ল’ভছ…

টকিঅ’ অলিম্পিকত পদক অৰ্জন কৰি দেশবাসীলৈ গৌৰৱ কঢ়িয়াই অনা অসম কন্যা লাভলীনা বৰগোঁহাইয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীক উপহাৰ দিছিল অলিম্পিক খেলত পিন্ধা গ্ল’ভছযোৰ৷

লাভলীনাৰ সেই গ্ল’ভছযোৰ অৱশেষত বিক্রী হ’ল ৯১ লাখ টকাত।

কেন্দ্ৰীয় চৰকাৰৰে আৰম্ভ কৰা নিলামত দেশলৈ ব্ৰঞ্জৰ পদক কঢ়িয়াই অনা এই গ্ল’ভছযোৰ বিক্ৰী হ’ল ৯১ লক্ষ টকাত।

লাভলীনাৰ গ্ল’ভছৰ মূল্য নিৰ্দ্ধাৰণ কৰা হৈছিল ৮০ লাখ টকা।

নিলামত সৰ্বাধিক মূল্য আহৰণ কৰিলে নীৰজ চোপ্ৰাৰ স্বৰ্ণজয়ী জেভলীনডালে। বিক্ৰী হ’ল ১.৫কোটি টকাত।

জেভলীন ডালৰ মূল্য নিৰ্দ্ধাৰণ কৰা হৈছিল ১কোটি টকা।

উল্লেখ্য যে, যোৱা ১৭ ছেপ্তেম্বৰ অৰ্থাৎ প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনটোৰ পৰা কেন্দ্ৰীয় চৰকাৰে প্রধানমন্ত্ৰীয়ে বিভিন্ন সময়ত লাভ কৰা উপহাৰ সমূহ ইণ্টাৰনেটৰ মাধ্যমৰে নিলামৰ ব্যৱস্থা কৰিছিল।

নিলামৰ কাৰণে ৰখা ১৩৪৮টা সামগ্ৰীৰ ভিতৰত আছিল টকিঅ’ অলিম্পিক আৰু পেৰা অলিম্পিকত পদক লাভ কৰা খেলুৱৈসকলৰ ক্ৰীড়া সামগ্ৰীসমূহ। ১

৭ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হোৱা এই নিলাম কাৰ্যসূৰীৰ অন্ত পৰে ৭ অক্টোবৰত৷

উক্ত নিলাম প্ৰক্ৰিয়াত সংগ্ৰহ হোৱা ধনৰাশি নমামী গংগা প্রকল্পত ব্যৱহাৰ হ’ব বুলি জানিব পৰা গৈছে।

Leave a Comment