
নিউজ ডেস্কঃ অহা ৮ অক্টোবৰত অসমত অনুষ্ঠিত হ’বলগীয়া ভাৰতীয় জনতা পাৰ্টীৰ গণ যোগদান কাৰ্যসূচী বাতিল কৰা হৈছে।
এই কথা জানিবলৈ দিছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই।
উল্লেখ্য যে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ সময়ত ৮ অক্টোবৰত খানাপাৰাত অনুুষ্ঠিত হোৱাৰ কথা আছিল বিজেপিৰ মহা যোগদান কাৰ্যসূচী।
এই কাৰ্যসূচীতে কংগ্ৰেছ নেতা প্ৰাঞ্জল ঘাটোৱাৰ, প্ৰাক্তন মন্ত্ৰী অজিত সিং, বিস্মৃতা গগৈকে প্ৰমুখ্য কৰি বহু নেতাই যোগ দিয়াৰ কথা আছিল বিজেপিত।
কিন্তু ৮ অক্টোবৰৰ পৰিৱৰ্তে দীপাৱলীৰ সময়তহে এই যোগদান কাৰ্যসূচী অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিয়ে ভৱেশ কলিতাই।
লগতে তেওঁ জানিবলৈ দি কয় যে এই যোগদান কাৰ্যসূচীত পাঁচ হাজাৰ বিভিন্ন দল-সংগঠন আৰু অৱসৰপ্ৰাপ্ত বিষয়াই বিজেপিত যোগদান কৰিব।
উল্লেখ্য যে, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ সৈতে অমিত শ্বাহ অহা ৮ অক্টোবৰত গুৱাহাটীত উপস্থিত হ’ব।
খানাপাৰাত অনুষ্ঠিত হ’বলগীয়া এক গণ সমাৱেশত তেওঁলোকে অসমৰ বিজেপি নেতা-কৰ্মীসকলক সম্বোধন কৰিব। এই বৃহৎ বৈঠকত ৰাজ্যৰ প্ৰায় ৪০ হাজাৰ দলীয় কৰ্মী আৰু নেতাই অংশগ্ৰহণ কৰিব।