
নিউজ ডেস্কঃ পশ্চিমবংগৰ ভাৰত-বাংলাদেশ সীমান্তৰ বাগদাত পুনৰ উদ্ধাৰ হ’ল বৃহৎ পৰিমাণৰ সোণৰ বিস্কুট। এইবাৰ এজন কৃষকক ৮১ খন সোণৰ বিস্কুটসহ আটক কৰিবলৈ সক্ষম হ’ল সীমান্ত সুৰক্ষা বাহিনীয়ে।
দক্ষিণ বংগৰ অন্তৰ্গত জিলাখনৰ ভাৰত-বাংলাদেশ সীমান্তত শনিবাৰে বিএছএফৰ ৬৮নং বেটেলিয়ানে সন্দেহবশতঃ আটক কৰে কৃষক জনক। পিছত কৃষকজনৰ তালাচীত উদ্ধাৰ হয় ৮১ খন সোণৰ বিস্কুট। প্ৰায় ১০ কেজি ওজনৰ এই সোণৰ বিস্কুটখিনিৰ বজাৰ মূল্য ৫ কোটিৰো অধিক হ’ব বুলি অনুমান কৰা হৈছে।
ধৃত লোকজনক উত্তৰ ২৪ পৰগণা জিলাৰ কুলিয়া গাঁৱৰ নাজিম মণ্ডল (৩১) বুলি চিনাক্ত কৰা হৈছে।

ইফালে ধৃত কৃষক জনে জানিবলৈ দিয়া মতে, শনিবাৰে তেওঁ ভাৰত-বাংলাদেশ সীমান্তত থকা তেওঁৰ খেতি পথাৰলৈ গৈছিল। সেই সময়তে এজন বাংলাদেশী নাগৰিকে তেওঁক সোণৰ বিস্কুটখিনি প্ৰদান কৰে।
সোণৰ বিস্কুটিখিনি লৈ কৃষকজনে ঘৰলৈ আহি থকাৰ সময়তে ৰংহাট সীমান্ত চৌহদৰ জোৱানে তেওঁক সন্দেহবশতঃ কৰায়ত্ত কৰি তালাচী চলোৱাত বৃহৎ পৰিমাণৰ সোণৰ বিস্কুটখিনি উদ্ধাৰ হয়।
উল্লেখ্য যে, ভাৰত-বাংলাদেশ সীমান্তৰ এই অঞ্চলটোত বিগত ৪ দিনত এয়া হৈছে সোণৰ বিস্কুট উদ্ধাৰৰ তৃতীয়টো ঘটনা। ইয়াৰ পূৰ্বে ৭ আৰু ৯ ছেপ্টেম্বৰতো অঞ্চলটোত ৪০ খন সোণৰ বিস্কুটসহ ২ জন সৰবৰাহকাৰীক আটক কৰিছিল সীমান্ত সুৰক্ষা বাহিনীয়ে।