fbpx
ৰাষ্ট্ৰীয়অসমীয়া

৭ বছৰ পূৰ্বে প্ৰেমিকক হত্যা, উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ কন্যাক গ্ৰেপ্তাৰ CBI ৰ

নিউজ ডেস্ক। এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈৰ হত্যাৰ ৭ বছৰ পিছত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা CBI ৰ বিশেষ সাফল্য।

সাত বছৰ পূৰ্বে হত্যা কৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্বুটাৰ সুখমানসিৎ সিং ওৰফে চিপ্পি সিন্ধুৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ’ল CBI ।

সংস্থাটিয়ে গ্ৰেপ্তাৰ কৰা লোকগৰাকী হ’ল শ্বুটাৰগৰাকীৰ প্ৰেমিকা তথা হিমাচল প্রদেশ উচ্চ ন্যায়ালয়ৰ ভাৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ চাবিনাৰ কন্যা কল্যাণী সিং।

২০১৫ চনত সংঘটিত হত্যাকাণ্ডত লিপ্ত কল্যাণী সিঙক আদালতত হাজিৰ কৰোৱাৰ পিচত চাৰিদিন চি বি আইৰ জিম্মাত দিয়া হয়।

G6 6

উল্লেখ্য যে ৰাষ্ট্ৰীয় পৰ্যায়ৰ শ্বুটাৰ তথা কোম্পানী উকীল চিপ্পি সিন্ধুৰ গুলীবিদ্ধ মৃতদেহ চণ্ডীগড়ৰ ২৭ ছেক্টৰৰ পাৰ্কত উদ্ধাৰ হৈছিল।

চিপ্পি সিদ্ধ আছিল পঞ্জাব হাৰিয়ানা উচ্চ ন্যায়ালয়ৰ পূৰ্বৰ ন্যায়াধীশ এছ এছ সিন্ধুৰ নাতি।

1

উল্লেখ্য যে হত্যাকাৰীৰ সৈতে এগৰাকী মহিলা আছিল বুলি প্ৰথমৰ পৰাই সন্দেহ কৰা হৈছিল যদিও মহিলাগৰাকীৰ পৰিচয় চি বি আয়ে লাভ কৰা নাছিল।

পিচত চি বি আইৰ তদন্তত ওলাই পৰে এই হত্যাকাণ্ডত জড়িত মহিলাগৰাকী আছিল শুটাৰ গৰাকীৰেই প্রেমিকা।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!