
নিউজ ডেস্ক। এক শােকাৱহ পথ দুৰ্ঘটনা। বগামাটিলৈ বনভােজৰ বাবে যাত্ৰা কৰা এখন তীব্ৰবেগী স্ক’ৰ্পিঅ’ বাহনৰ খুন্দাত প্ৰাণ গ’ল ৭ বছৰীয়া শিশুৰ।
এই ঘটনাৰ স্থান ওদালগুৰি জিলাৰ পানেৰী থানাৰ অন্তৰ্গত ফুলকুছি।
জানিব পৰা মতে, দেওবাৰে ৰাতিপুৱা প্ৰায় ৮ বজাত এখন তীব্ৰবেগী এএছ ১২এক্স ৫৪৭৭ নম্বৰৰ এখন স্ক’ৰপিঅ’ বাহনে মহটিয়াই নিয়ে পথচাৰী গৌৰৱ পাল নামৰ শিশুটিক।
মৃত শিশুটিৰ ঘৰ ১ নং পানেৰী গাঁৱত বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে স্ক’ৰপিঅ’ বাহনখনৰ চালকজনে দুৰ্ঘটনাটো সংঘটিত কৰি লগে লগে পানেৰী থানাত আহি আশ্ৰয় লয়।
পানেৰী আৰক্ষীয়ে মৃত শিশুটিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে।
১ নং ফুলকুছি গাঁৱৰ ফাৰ্মাচিছট গৌতম পালৰ একমাত্ৰ পুত্ৰ মৃত গৌৰৱ পাল ইংৰাজী মাধ্যমত অধ্যনৰত চতুৰ্থ শ্ৰেণীৰ মেধাৱী ছাত্ৰ আছিল।
শিশুটিৰ মৃত্যু মৰ্মাহত হৈ পৰিছে বৃহত্তৰ পানেৰী অঞ্চলৰ বাসিন্দাসকল।