অসম

৭ দিনৰ ভিতৰত ওলাব অসম আৰক্ষীৰ নতুন নিযুক্তিৰ বিজ্ঞাপনঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা…

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মঙলবাৰে ৰাজ্যৰ শীৰ্ষ আৰক্ষী বিষয়াৰে এক পৰ্যালোচনা বৈঠকত মিলিত হয়।

হনগৰীৰ উলু‍বাৰীস্থিত আৰক্ষীৰ মুখ্য কাৰ্যালয়ত উপস্থিত হৈ মুখ্যমন্ত্ৰী গৰাকীয়ে আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তৰ উপস্থিতিত ৰাজ্যৰ শীর্ষ আৰক্ষী বিষয়াৰে মিলিত হয়।

আনহাতে ভিডিঅ’ কনফাৰেন্সযোগে ৰাজ্যৰ আৰক্ষী অধীক্ষকসকলেও এই বৈঠকত ভাগ লয়। এই বৈঠকত বহুকেইটা বিষয়ত আলোচনা কৰা হয়।

সংবাদমেল সম্বোধন কৰি অসম আৰক্ষীত নিযু্ক্তি প্ৰক্ৰিয়া সন্দৰ্ভত মত ব্যক্ত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

মুখ্যমন্ত্ৰী শৰ্মাই কয়- ১০ মে’ৰ পূৰ্বে অসম আৰক্ষীত ১৬,০০০ নতুন নিযুক্তি দিয়াৰ দায়িত্ব দিয়া হৈছিল যদিও অসম আৰক্ষীৰ তৰফৰ পৰা ১০ মে’ৰ ভিতৰত ১৬,০০০ নতুন নিযুক্তি দিয়াটো সম্ভৱ নহয়। অহা ১০ মে’ ভিতৰত ১২ৰ পৰা ১৩ হাজাৰ নিযুক্তি সম্ভৱ হ’ব আৰক্ষীত।

অহা ৭ দিনৰ ভিতৰত ৬ হাজাৰ নতুন আৰক্ষী পদৰ বিজ্ঞাপন প্ৰকাশ পাব বুলি মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰে।

মৰণোত্তৰ পৰীক্ষা প্ৰতিবেদন, স্বাস্থ্য প্ৰতিবেদন সময়মতে প্ৰস্তুত কৰা আৰম্ভ কৰিছে।

পাছপ’ৰ্টৰ ভেৰিফিকেচন ৰিপোৰ্ট এমাহৰ ভিতৰত সম্পন্ন হ’ব লাগিব।

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি এতিয়াৰ পৰা ললিতা কুমাৰী প্ৰতিবেদন অনুসৰি গোচৰ ৰুজু হ’ব।

আৰক্ষীৰ এহাজাৰ আৱাস নিৰ্মাণৰ সিদ্ধান্ত।

অহা তিনি মাহৰ ভিতৰত প্ৰায় ৬০০ নতুন SI কৰ্তব্যত নিযুক্তি হ’ব।

অসম আৰক্ষীত কৰ্তব্যৰত অৱস্থা মৃত্যু হোৱা ৭০গৰাকী আৰক্ষীৰ পৰিয়ালৰ সদস্যক অচিৰেই প্ৰদান কৰা হ’ব নিযুক্তি।

মুখ্য মন্ত্ৰী গৰাকীয়ে বঙাইগাঁৱৰ কেবিনেট বৈঠকত এটা সৰু নিয়মৰ সংশোধনী ঘটোৱাৰ পাছতে অসম আৰক্ষীয়ে ৭ দিনৰ ভিতৰত নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ কৰিব বুলি সদৰী কৰে।

Related Articles

Leave a Reply

Your email address will not be published.

Back to top button