৭ টা দুষ্প্ৰাপ্য বনৰৌ সহ হােটেলৰ পৰা আটক ২ যুৱক-যুৱতী

৭ টা দুষ্প্ৰাপ্য বনৰৌ সহ হােটেলৰ পৰা আটক ২ যুৱক-যুৱতী

February 18, 2021 0 By NEWS DESK

নিউজ ডেস্ক। উত্তৰ পূবৰ বিভিন্ন ৰাজ্যৰ পৰা অসমৰ মাজেৰে অব্যাহত আছে দুষ্প্ৰাপ্য বন্যপ্ৰাণীৰ লগতে অংগ-প্ৰত্যংগৰ চােৰাং বেহা।

বিশেষকৈ অৰুণাচল প্ৰদেশৰ বনাঞ্চলত বন্যপ্ৰাণীৰ নিধনযজ্ঞ চলােৱা দুষ্কৃতিকাৰীয়ে অসমৰ মাজেৰে বহিঃৰাজ্যলৈ প্ৰেৰণ কৰিছে এনে আপুৰুগীয়া বন্যপ্ৰাণী তথা অংগ-প্ৰত্যংগ।

এইবাৰ তিনিচুকীয়াত দুষ্প্ৰাপ্য ৭ টা বনৰৌ সহ দুজনক আটক কৰিছে তিনিচুকীয়া আৰক্ষীয়ে।

তিনিচুকীয়া ৰেলৱে ষ্টেচনৰ সমীপৰ এখন হোটেলত অভিযান চলাই এই সফলতা লাভ কৰে আৰক্ষীয়ে।

আটকাধীন দুই যুৱক আৰু যুৱতীক তিনিচুকীয়া আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।

জানিব পৰা মতে, ইয়াৰে এটা বনৰৌ জীৱিত অৱস্থাত উদ্ধাৰ কৰা হয়।

আৰক্ষীয়ে আটক কৰা চোমৱক ৱাংগচা আৰু ফাৱাই ৱাংগচা নামৰ দুজন যুৱক-যুৱতী অৰুনাচল প্ৰদেশৰ লংডিং নিংগনু গাঁৱৰ বাসিন্দা।

লগতে চাওকঃ

পোহনীয়া গৰুৰ দেহত সংস্থাপন কৰা হ’ব মাইক্ৰ’ চিপ! ৰাজপথত ধৰা পৰিলে জৰিমনা ২৫,০০০ টকা

বিজ্ঞাপনঃ