৭ কােটি ৩৫ লাখ টকা মূল্যৰ ভাৰতীয় জালনােট জব্দ বাংলাদেশত, গ্ৰেপ্তাৰ ২

নিউজ ডেস্ক। ভাৰতৰ অৰ্থনীতিত ক্ষতিসাধনৰ বাবে বিভিন্ন কৌশল অৱলম্বন কৰিছে ভাৰতৰ শত্ৰুৰাষ্ট্ৰ পাকিস্তানে।
দেশখনত ছপা হৈছে নকল ভাৰতীয় টকা। পূৰ্বতেও বহুবাৰ ভাৰতীয় চােৰংচােৱা সংস্থাই এই তথ্য প্ৰকাশ কৰিছে।
এই কথা পুনৰবাৰ প্ৰমাণিত হ’ল বাংলাদেশত আৰক্ষীৰ এক শেহতীয়া অভিযানত।

উল্লেখ্য যে বাংলাদেশত আৰক্ষীৰ অভিযানত জব্দ কৰা হৈছে ৭ কােটি ৩৫ লাখ টকা মূল্যৰ ভাৰতীয় জালনােট।
দেশখনৰ ৰাজধানী চহৰ ঢাকাত উক্ত জালনােটসহ গ্ৰেপ্তাৰ কৰা হৈছে দুজন সৰবৰাহকাৰীক।

আৰক্ষীয়ে দাবী কৰা অনুসৰি, উক্ত জালনােটখিনি পাকিস্তানত ছপা কৰা হৈছিল।
পাকিস্তানৰ পৰা শ্ৰীলংকা হৈ বাংলাদেশলৈ আমদানি কৰা ৯৫ বেগ মাৰ্বলৰ ভিতৰত লুকুৱাই অনা হৈছিল উক্ত টকাখিনি।
পাকিস্তানৰ পৰা কৌশলেৰে শ্ৰীলংকা হৈ বাংলাদেশলৈ আহিছিল এই জালনােট।

গ্ৰেপ্তাৰ হোৱা দুজন লােকৰ নাম ফাতিমা আখটাৰ আৰু শ্বেখ মোঃ আবু তালেব।
আৰক্ষীৰ মতে, ভাৰতীয় জালনােট সৰবৰাহ কৰা এই চক্ৰটাে দেশখনত বিগত ১০ বছৰ ধৰি সক্ৰিয় হৈ আছিল।
গ্ৰেপ্তাৰ কৰা ফাতিমা নামৰ মহিলাগৰাকী পাকিস্তানী নাগৰিক চুলতান আৰু শ্বৰিফ নামৰ দুজন লােকৰ পৰা এই নকল টকা সংগ্ৰহ কৰিছিল।
ফাতিমা আৰু তালেবে ঢাকাৰ ঘৰৰ পানীৰ টেংকীত এই নকল টকা লুকুৱাই ৰাখিছিল।
পিছত, সুবিধা অনুসৰি, বাংলাদেশৰ সীমান্তৰে ভাৰতৰলৈ এই টকা চোৰাংকৈ সৰবৰাহ কৰিছিল।
গােপন সূত্ৰৰ ভিত্তিত আৰক্ষী ৰাজধানী চহৰৰ একাধিক স্থানত অভিযান চলাই উক্ত জালনােটখিনি জব্দ কৰিবলৈ সক্ষম হয়।
লগতে চাওকঃ আপােনাৰ সাপ্তাহিক ৰাশিফল