৭ আৰু ৮ অক্টোবৰত গুৱাহাটীলৈ আহিব ক্ৰমে জে পি নাড্ডা আৰু অমিত শ্বাহ…

অহা ৭ অক্টোবৰত গুৱাহাটীলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা।

আনহাতে ৮ অক্টোবৰত গুৱাহাটীলৈ আহিব দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ।

দলীয় কৰ্মীৰ সৈতে অনুষ্ঠিত হোৱা বৈঠকত অংশগ্ৰহণ কৰিব নাড্ডাই।

ইপিনে কেইবাটাও চৰকাৰী কাৰ্যসূচীত অংশগ্রহণ কৰিব অমিত শ্বাহে।

উক্ত দিনাই মুখ্যমন্ত্ৰী আৰু ৰাষ্ট্ৰীয় সভাপতিৰ উপস্থিতিত বিজেপিৰ বশিষ্ঠস্থিত নতুন কাৰ্যলয় মুকলি কৰিব অমিত শ্বাহে।

আনহাতে খানাপাৰা খেলপথাৰত অনুষ্ঠিত হ’ব বিজেপিৰ কাৰ্যকৰ্তাৰ বিশাল সন্মিলন।