
নিউজ ডেস্কঃ অহা ৭ আগষ্টত ৰাজ্যিক পৰ্যায়ৰ এখন প্ৰতিযোগিতাত অংশ লোৱাৰ কথা আছিল প্ৰণীতাই। সম্ভাৱনা আছিল পদক জয়ৰো। কিন্তু প্ৰতিযোগিতালৈ মাজত আৰু পাঁচটা দিন বাকী থকা সময়তো কাৰাবন্দী হৈ থাকিবলগীয়া হৈছে ৰাজ্যৰ প্ৰতিভাৱান উশ্বু খেলুৱৈগৰাকীয়ে। যাৰ বাবে এতিয়া বিভিন্ন মহলত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ।
সামাজিক মাধ্যমত আলফা স্বাধীনৰ সমৰ্থনত মাত্ৰ কেইটামান শব্দ লিখাৰ অপৰাধতে বিগত ৫০ দিন ধৰি কাৰাবন্দী হৈ আছে মৰাণৰ ৰাইদঙীয়া গাঁৱৰ পদ্ম চুতীয়া আৰু পূর্ণিমা চুতীয়াৰ দ্বিতীয় কন্যা প্রণিতা চুতীয়া ওৰফে মাইনা চুতীয়া নামৰ ২৩ বৰ্ষীয় যুৱতীগৰাকী।
এগৰাকী প্ৰতিভাৱান উশ্বু খেলুৱৈৰূপে প্ৰণীতাই ইতিমধ্যে কেইবাখনো ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত প্ৰতিনিধিত্ব কৰিছে অসমক। ৭ আগষ্টৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যিক পৰ্যায়ৰ প্ৰতিযোগিতাত গোলাঘাটক প্ৰতিনিধিত্ব কৰিবলৈ বাচনি লাভ কৰিছিল প্ৰণীতাই। কিন্তু প্ৰতিযোগিতালৈ মাজত মাত্ৰ কেইটামান দিন থকাৰ সময়তো কাৰাগাৰৰ কুঠৰীতে আৱদ্ধ হৈ আছে খেলুৱৈগৰাকী।

উল্লেখ্য যে, আলফা সম্পৰ্কীয় এটা সংবাদ প্ৰতিষ্ঠানৰ বাতৰিত আলফাত যোগদান কৰাৰ ইচ্ছা ব্যক্ত কৰি ইংৰাজীত এটা কমেণ্ট কৰাৰ অপৰধাত ১৭ জুনত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল প্ৰণীতা চুতীয়াক। মৰাণহাট থানাত ৰুজু হোৱা ইউ এ পি আইৰ ধাৰাৰ এটা গোচৰত গ্ৰেপ্তাৰ কৰা প্ৰণীতাক বিগত ৫০ দিনে কাৰাবন্দী কৰি ৰাখিছে স্মাৰ্ট আৰক্ষীয়ে।
প্ৰণীতাৰ পিতৃ-মাতৃৰ মতে, কেইবাটাও চাকৰিৰ বাবে সাক্ষাৎকাৰ দি সফলতা লাভ নকৰি মানসিকভাৱে ভাগি পৰিছিল প্ৰণীতা। তাৰ বাবেই যুৱতীগৰাকীয়ে সামাজিক মাধ্যমত আলফাৰ সমৰ্থনত মন্তব্য কৰিছিল। কিন্তু সেই অপৰাধতে যুৱতীগৰাকীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
যি সময়ত, হিমা দাস, লাভলীনা বৰগোঁহাইৰ দৰে অসমৰ যুৱতীয়ে আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশ লৈ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে, সেই সময়ত প্ৰণীতা চুতীয়াৰ দৰে প্ৰতিভাৱান খেলুৱৈকো চৰকাৰে কাৰাগাৰৰ পৰা মুক্ত কৰি দিবলৈ আহ্বান জনাইছে প্ৰণীতাৰ পৰিয়াল তথা বিভিন্ন জনে।