অসম

৭০ বছৰ পুৰণি এডাল বিশাল বটগছে লাভ কৰিলে নতুন জীৱন, সুকলমে কৰা হ’ল স্থানান্তৰিত…

বাৰিষাৰ প্ৰবল বৰষু্‌ণত উভালি পৰা এডাল ৭০ বছৰ পুৰণি বিশাল বটগছক প্ৰদান কৰা হ’ল নতুন জীৱন।

তেলেংগানাৰ ৰাজান্না চিৰচিলা জিলাৰ এই বিশাল বট গছজোপা পূৰ্বৰ স্থানৰ পৰা প্ৰায় ৬ কিলোমিটাৰ নিলগলৈ স্থানান্তৰিত কৰা হয়।

যোৱা ১৩ ফেব্ৰুৱাৰীত এই গছ জোপা নতুন স্থানলৈ স্থানান্তৰিত কৰাৰ বাবে দুখন ৭০ টন ক্ষমতাৰ ক্ৰেইন ব্যৱহাৰ কৰা হয়। গছজোপা স্থানান্তৰিত কৰিবলৈ নিৰ্মাণ কৰা হয় এটা পথৰো।

বাতৰি অনুসৰি, ৰাজান্না চিৰচিলা জিলাৰ কোনাৰাওপেট মণ্ডলৰ সুদালা গাঁৱৰ উপকণ্ঠত অৱস্থিত বিশাল গছজোপা প্ৰায় ৪ মাহ পূৰ্বে হোৱা ধাৰাসাৰ বৰষুণৰ বাবে উভালি পৰিছিল। লাহে লাহে পানীৰ অভাৱৰ বাবে গছজোপা শুকুৱাবলৈ আৰম্ভ কৰিছিল। গছজোপা লক্ষ্য কৰা একেখন গাঁৱৰ প্ৰকৃতি প্ৰেমী ডবালা প্ৰকাশে গছজোপা নতুনকৈ সংৰোপণ কৰাৰ সিদ্ধান্ত লয়।

প্ৰকাশে প্ৰায় দুমাহ ধৰি উভালি পৰা গছজোপাৰ যতন ল’বলৈ আৰম্ভ কৰে। প্ৰতিদিনে গছৰ গুৰিত পানী দিবলৈ আৰম্ভ কৰাত লাহে লাগে গছজোপাত নতুন পাতে পোখা মেলে।

তাৰ পিছতে গছজোপা স্থানান্তৰ কৰাৰ বাবে অন্যৰ সহায় বিচাৰিবলৈ আৰম্ভ কৰে।

ইয়াৰ পিছতে পৰিৱেশ সুৰক্ষা আৰু প্ৰদূষণ হ্ৰাস কৰাৰ বাবে গ্ৰীণ ইণ্ডিয়া চেলেঞ্জ কাৰ্যসূচী আৰম্ভ কৰা টিআৰএছৰ ৰাজ্যসভাৰ সাংসদ জে সন্তোষ কুমাৰে গছজোপা আৰু প্ৰকাশে গ্ৰহণ কৰা প্ৰচেষ্টাৰ বিষয়ে জানিব পৰাত গছজোপা স্থানান্তৰিতকৰণত সহায় কৰিবলৈ আগবাঢ়ি আহে।

পৰৱৰ্তী সময়ত হায়দৰাবাদস্থিত ভাটা ফাউণ্ডেচনৰ বিশেষজ্ঞসকলৰ সহায় লোৱা হয় আৰু সুদালা গাঁৱৰ পৰা ৬ কিলোমিটাৰ দূৰত থকা চিৰচিলাৰ নতুন কালেক্টৰেটলৈ গছডাল স্থানান্তৰৰ বাবে প্ৰস্তুতি চলোৱা হয়।

গছজোপাক নতুন জীৱন দিবলৈ কেইবাদিনো ধৰি কাম কৰে অনেক লোকে। গছজোপা স্থানান্তৰ কৰাৰ বাবে এটা পথ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পিছত দুখন ক্ৰেইনৰ সহায়ত প্ৰকাণ্ড গছজোপা সুকলমে নিৰ্দিষ্ট স্থানলৈ স্থানান্তৰিত কৰা হয়।

Related Articles

Leave a Reply

Back to top button