৭০ জনৰো অধিক জোৱানক হত্যা কৰা দুৰ্ধৰ্ষ মাওবাদী মাদৱী হিদমাৰ আত্মসমৰ্পণ

নিউজ ডেস্ক। অৱশেষত আত্মসমৰ্পণ কৰি শান্তিৰ পথলৈ ঘূৰি আহিল দুৰ্ধৰ্ষ মাওবাদী নেতা মাদৱী হিদমাই।

২০২১ৰ এপ্ৰিলত ছত্তিশগড়ৰ বিজাপুৰত চিআৰপিএফ জোৱানৰ ওপৰত সংঘটিত মাওবাদীৰ আক্ৰমণৰ মাষ্টাৰমাইণ্ড মাদৱী হিদমাই তেলেংগানাৰ মুলুগু আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে।

5

অৱশ্যে, তেলেংগানা আৰক্ষীৰ এই দাবীৰ বিপৰীতে মাদৱী হিদমাৰ আত্মসমৰ্পণৰ বাতৰি অস্বীকাৰ কৰিছলে মাওবাদী সংগঠনে।

এক বিবৃতিৰ জৰিয়তে ইয়াক আৰক্ষীৰ এক নাটক আখ্যা দিয়াৰ লগতে মনােবৈজ্ঞানিক চাপ সৃষ্টিৰ কৌশল বুলি অভিহিত কৰিছে সংগঠনটােৱে।

2-2

উল্লেখ্য যে, যোৱা বছৰ এপ্ৰিলত বিজাপুৰত মাওবাদীৰ আক্ৰমণত শ্বহীদ হৈছিল ২২ গৰাকী চিআৰপিএফ জোৱান। মাওবাদীৰ এই আক্ৰমণৰ নেতৃত্ব দিছিল মাদৱী হিদমাই।

মুলুগু আৰক্ষীয়ে জানিবলৈ দিয়া মতে মাওবাদীৰ নেতা ২৫ বছৰীয়া মাদৱী হিদমাই ১৬ বছৰ বয়সতে হাতত অস্ত্ৰ তুলি লৈছিল।

ছত্তীশগড়ৰ বাসিন্দা এইজন দুৰ্ধৰ্ষ নেতা মাওবাদীৰ দ্বাৰা সংঘটিত কৰা কেইবাটাও আক্ৰমণৰ মাষ্টাৰমাইণ্ড। চিআৰপিএফ জোৱানৰ উপৰিও মাদৱী হিদমাৰ নেতৃত্বতে কেইবাজনো ৰাজনৈতিক নেতাৰ ওপৰত আক্ৰমণ চলাইছিল মাওবাদীয়ে।

কোৱা হয় যে হিদমাই চলোৱা আক্ৰমণত প্ৰায় ৭০ জন জোৱানে প্ৰাণ হেৰুৱাইছে। হিদমাৰ বিষয়ে তথ্য প্ৰদান কৰাৰ বাবে ছত্তীশগড় আৰক্ষীয়ে ২৫ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল।

3

ইফালে আত্মসমৰ্পণৰ পূৰ্বে হিদমা মাওবাদীৰ এটা পৰিচিত নাম হৈ পৰিলেও দুৰ্ধৰ্ষ মাওবাদীজনক অতি কম সংখ্যক লোকেহে দেখা পাইছিল। যাৰ বাবে হিদমাৰ বয়সক লৈও বহুতৰ মনত আছিল এক ভ্ৰান্ত ধাৰণা।

হিদমাৰ কুকাৰ্য্যলৈ চাই কোনোৱে যদি মাওবাদী জন ৫৫ বছৰীয়া বুলি দাবী কৰিছিল, আন কোনোৱে আকৌ দাবী কৰিছিল ৩৮ বছৰীয়া বুলি।

1

আনহাতে আৰক্ষী সূত্ৰই সদৰী কৰা মতে হিদমাই সুন্দৰভাৱে ইংৰাজী ক’বলৈ জানে। হিদমাক হিদমালু আৰু সন্তোষ বুলিও জনা গৈছিল। হিদমাৰ নিৰাপত্তাত কেইবাজনো সশস্ত্ৰ মাওবাদী নিয়োজিত হৈ আছিল।

ইফালে হিদমা নক্সাল কমাণ্ডাৰ ৰাবুলা শ্ৰীনিবাস ওৰফে ৰামান্নাৰ ঘনিষ্ঠ আছিল। ৰামান্নাই প্ৰায় ১৫০ জন সুৰক্ষা কৰ্মীক হত্যা কৰিছিল। ২০১৯ চনত হৃদৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়।

তাৰ পিছতে ৰামান্নাৰ ঠাইত দায়িত্ব গ্ৰহণ কৰে হিদমাই। আৰু তেতিয়াৰে পৰা হিদমা নিৰাপত্তা বাহিনীৰ ওপৰত সংঘটিত ২৭ টাতকৈও অধিক আক্ৰমণত জড়িত বুলি আৰক্ষীৰ এক সূত্ৰই প্ৰকাশ কৰে।

Leave a Comment