
নিউজ ডেস্কঃ ৬ বছৰৰ কাৰাদণ্ডৰ অন্তত অৱশেষত জামিন লাভ কৰিবলৈ সক্ষম হ’ল এপিএছচিৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পাল।
শুকুৰবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ে এপিএছচি কেলেংকাৰীৰ মুখ্য অভিযুক্তজনক জামিন প্ৰদান কৰে।
উল্লেখ্য যে, অসম লোকসেৱা আয়োগত সংঘটিত বৃহৎ কেলেংকাৰীৰ অভিযোগত ২০১৭ চনত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৰাকেশ পালক।
তেওঁৰ বিৰুদ্ধে ৰুজু হৈ থকা ৪ টা গোচৰত পূৰ্বে জামিন লাভ কৰিলেও জামিন পোৱা নাছিল ভঙাগড় থানা গোচৰত।
কিন্তু শুকুৰবাৰে উচ্চ ন্যায়ালয়ে অভিযুক্ত পালৰ জামিন আবেদন মঞ্জুৰ কৰাৰ পিছতে অচিৰেই মুকলি আকাশৰ তললৈ ওলাই অহাৰ সম্ভাৱনা আছে।