৬ বছৰীয়া কাৰাবন্দীত্বৰ অন্তত অৱশেষত মুকলি আকাশৰ তললৈ APSC কেলেংকাৰীৰ খলনায়ক ৰাকেশ পাল! সাংবাদিকক ক’লে…

নিউজ ডেস্কঃ সম্পূৰ্ণ ৬ বছৰ ৪ মাহৰ পিছত অৱশেষত মুকলি আকাশৰ তললৈ ওলাই আহিল এপিএএছচি কেলেংকাৰীৰ খলনায়ক ৰাকেশ পাল।

আদালতে জামিন মঞ্জুৰ কৰাৰ পিছতে মুকলি আকাশৰ তললৈ অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ পাল।

মুকলি আকাশৰ তললৈ আহিয়েই সকলোকে ধন্যবাদ জনালে ৰাকেশ পালে।

অৱশ্যে তেওঁৰ বিৰুদ্ধে উত্থাপন হোৱা কেলেংকাৰীৰ অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ পৰা বিৰত থাকে এপিএছচিৰ প্ৰাক্তন অধ্যক্ষগৰাকী।

উল্লেখ্য যে, অসম লোকসেৱা আয়োগত সংঘটিত বিয়াগোম কেলেংকাৰী পোহৰলৈ অহাৰ পিছতে ২০১৬ চনৰ নৱেম্বৰত গ্ৰেপ্তাৰ হৈছিল প্ৰাক্তন অধ্যক্ষ ৰাকেশ পাল।

তেতিয়াৰে পৰা কাৰাবন্দী হৈ থকা পালৰ জামিন আবেদন শেহতীয়াকৈ মঞ্জুৰ কৰিছিল উচ্চ ন্যায়ালয়ে।

আদালতে ভঙাগড় আৰক্ষী থানাত ৰুজু হৈ থকা গোচৰত ১ লাখ টকৰা বণ্ড, দুই জামিনদ্বাৰ আৰু পাছপৰ্ট জমা দিয়াৰ চৰ্তত জামিন মঞ্জুৰ কৰিছিল ৰাকেশ পালৰ।

কাৰাগাৰৰ পৰা ওলাই আহি ৰাকেশ পালে ছয় বছৰীয়া কাৰাবন্দীত্বৰ অভিজ্ঞতা সম্পৰ্কে কয়, ‘খুব ভাল অভিজ্ঞতা। মানুহৰ হকে কাম কৰিছো। মন্দিৰ, নামঘৰ, বিদ্যালয় বনাইছো কাৰাগাৰৰ ভিতৰত।’