৬ জানুৱাৰীৰ পৰা ৯ জানুৱাৰীলৈ ৰাজ্যত স্তব্ধ হ’ব চৰকাৰী কাম-কাজ…

৬ জানুৱাৰীৰ পৰা ৯ জানুৱাৰীলৈ ৰাজ্যত স্তব্ধ হ’ব চৰকাৰী কাম-কাজ।

কেবিনেট বৈঠকৰ সিদ্ধান্তৰ আধাৰত অসম চৰকাৰৰ কৰ্মচাৰীসকলে অহা ৬ আৰু ৭ জানুৱাৰীত পিতৃ-মাতৃ তথা আত্মীয়ৰ লগত সময় কটাবলৈ ছুটী লাভ কৰিব।

চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে জাননীযোগে এই কথা সদৰী কৰিছে।

বিভাগৰ আয়ুক্ত সচিব এম এছ মনিৱন্নন স্বাক্ষৰিত জাননীত লগতে কোৱা হৈছে যে, কাৰ্যালয়ত কাম কৰা কৰ্মচাৰীসকলে উক্ত দুদিনকে ধৰি একেলগে মুঠ চাৰিদিন ছুটী লাভ কৰিব।

কাৰণ ৮ জানুৱাৰী দ্বিতীয় শনিবাৰ আৰু ৯ জানুৱাৰী দেওবাৰ।

জাননীখনত চৰকাৰৰ মন্ত্ৰীসকলকো এই ছুটীৰ আওতাত ধৰা হৈছে।

উল্লেখ কৰা অনুসৰি, মহন্ত্ৰীসকলেও পিতৃ-মাতৃ তথা আত্মীয়ৰ লগত সময় কটাবলৈ এই সুযোগ ল’ব পাৰিব।

উল্লেখ্য যে বঙাইগাঁৱত অলপতে অনুষ্ঠিত কেবিনেট বৈঠকত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক সংশ্লিষ্ট উদ্দেশ্যত দুদিন ছুটী দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।

তাৰ পৰিপ্ৰেক্ষিততে সাধাৰণ প্ৰশাসন বিভাগৰ জাননীখনত মন্ত্ৰীসকলকো সামৰি লোৱা হয়।

চৰকাৰৰ এই সিদ্ধান্তৰ ফলত আগন্তুক ইংৰাজী নৱবৰ্ষৰ প্ৰথমতেই চাৰিদিন ৰাজ্যৰ চৰকাৰী সকলো কাম-কাজত স্তব্ধ হৈ পৰাটো নিশ্চিত।

লগতে চাওকঃ

নীৰজ দাস ওৰফে ক’লা ল’ৰাৰ মৃত্যুৰ ন্যায়িক তদন্ত ঘােষণা

Leave a Comment