fbpx
অসমীয়াঅসম

৫ দিন ধৰি সন্ধানহীন এগৰাকী ১৬ বছৰীয়া কিশোৰী! বিচাৰি হাহাকাৰ পৰিয়ালৰ…

নিউজ ডেস্কঃ বিগত ৫ দিন ধৰি এগৰাকী ১৬ বছৰীয়া কিশোৰী সন্ধানহীন হৈ থকাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে তিনিচুকীয়াত।

৪ ফেব্ৰুৱাৰীৰ পৰা সন্ধানহীন হৈ থকা কিশোৰীগৰাকীৰ সন্ধানত পৰিয়ালৰ লোকে চৌদিশে বিচাৰ-খোচাৰ কৰিছে যদিও আজিও লাভ কৰিবলৈ সক্ষম হোৱা নাই কোনো সম্ভেদ।

কিশোৰীগৰাকীৰ সন্ধানহীন সন্দৰ্ভত আৰক্ষীক এজাহাৰ দাখিল কৰাৰ পিছতো আৰক্ষীয়েও কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালে।

জানিব পৰা মতে, যোৱা ৪ ফেব্ৰুৱাৰীৰ সন্ধিয়াৰ পৰা সন্ধানহীন হৈ আছে তিনিচুকীয়াৰ হিজগুৰিৰ জায়দুৰ আলিৰ ১৬ বছৰীয়া কন্যা জাইতান নেছা।

কিশোৰীগৰাকীৰ সন্ধানহীন সন্দৰ্ভত সকলোৰে খা-খবৰ কৰিও কোনো শুংসূত্ৰ লাভ কৰা নাই পৰিয়ালে।

যাৰ বাবে কোনো লোকে কিশোৰীগৰাকীৰ সম্ভেদ পালে 80111-22376, 60001-85648 নম্বৰত যোগাযোগ নাইবা ওচৰৰ আৰক্ষীৰ লগত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!