fbpx
অসম

৫ দিনে ট্ৰেংকুলাইজ কৰিব নোৱাৰিলে এটা গঁড়! অৱশেষত সাৱটি ল’লে কৰুণ মৃত্যু, তদন্ত ঘোষণা মুখ্যমন্ত্ৰীৰ…

অৱশেষত মৃত্যু হ’ল গোলাঘাটত সন্ত্ৰাস সৃষ্টি কৰি থকা গঁড়টোৰ।

যোৱা ৫ দিন ধৰি গোলাঘাটৰ বিভিন্ন গাঁৱত সন্ত্ৰাস চলাই আছিল গঁড়টোৱে।

গঁড়টোৰ আক্ৰমণত ৪জনকৈ লোক আহত হৈছিল৷

৫ দিন ধৰি বিচৰণ কৰি ফুৰা গঁড়টো খাদ্যৰ অভাৱত ভুগিছিল৷ দুৰ্বল হৈ পৰাৰ লগতে অসুস্থ হৈ পৰিছিল গঁড়টো৷

দেহৰ বিভিন্ন স্থানত আঘাতো পাইছিল গঁড়টোৱে৷

অৱশেষত ভোক-আঘাতৰ বাবেই গঁড়টোৰ মৃত্যু হোৱাৰ অভিযোগ ৰাইজৰ৷

উল্লেখ্য যে, কাজিৰঙাৰ পৰা ওলাই যোৱা এই গঁড়টোক কাজিৰঙালৈ উভতাই পঠিয়াবলৈ দাবী জনাই আহিছিল যদিও বন বিভাগৰ পৰা বিশেষ পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে।

স্থানীয় ৰাইজে আজি গঁড়টোক আঘাতপ্ৰাপ্ত অৱস্থাত দেখি বন বিভাগক খবৰ দিছিল যদিও বহু ঘণ্টা পলমকৈ উপস্থিত হৈছিলগৈ যদিও গঁড়টোৰ মৃত্যু হয়।

কাজিৰঙাৰ পৰা ওলাই গৈ জনাঞ্চলত ত্ৰাসৰ সৃষ্টি কৰা গঁড়টোক যোৱা ৫ টা দিনে ট্ৰেংকুলাইজ কৰিবলৈ সক্ষম নোহোৱা বন বিভাগক এতিয়া সৰ্বত্ৰে ধিক্কাৰ জনাইছে।

ইপিনে গঁড়টোৰ মৃত্যুৰ পাছতে খৰ্গহস্ত হৈ পৰিছে বিধায়ক মৃণাল শইকীয়া৷ গঁড়ৰ মত্যুৰ বাবে গোলাঘাট প্ৰশাসনক জগৰীয়া কৰিছে বিধায়কগৰাকীয়ে৷

টুইটাৰত বিধায়কগৰাকীয়ে ক্ষোভ উজৰাৰ পাছতে তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশকৰি কৰি উপযুক্ত তদন্ত কৰাৰ আশ্বাস প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে আৰক্ষীৰ গাফিলতি নিৰীক্ষণৰ বাবে DGPক নিৰ্দেশ প্ৰদান কৰিছে মুখ্যম্ত্ৰীয়ে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!