৫ ছেপ্টেম্বৰত ২২ গৰাকী শিক্ষকক প্ৰদান কৰা হ’ব কৃতি শিক্ষকৰ বঁটা, কোনে কোনে পাব এই বঁটা..?

ৰাজ্যৰ শিক্ষা বিভাগে ঘোষণা কৰিলে ৰাজ্যিক কৃতী শিক্ষকৰ বঁটাৰ তালিকা।

৫ ছেপ্তেম্বৰত মুঠ ২২ গৰাকী শিক্ষকে লাভ কৰিব কৃতী শিক্ষকৰ বঁটা।

সোমবাৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত প্ৰদান কৰা হ’ব এই বঁটা।

অসমৰ কোনকেইখন জিলাৰ কোন কোন শিক্ষকে ২০২২ বৰ্ষৰ কৃতী শিক্ষকৰ বঁটা লাভ কৰিছে তাৰ এখন তালিকা তলত উল্লেখ কৰা হ’ল।

image 28
৫ ছেপ্টেম্বৰত ২২ গৰাকী শিক্ষকক প্ৰদান কৰা হ’ব কৃতি শিক্ষকৰ বঁটা, কোনে কোনে পাব এই বঁটা..? 2

এই বঁটা সমূহ তিনিটা পৰ্যায়ত ভাগ কৰা হৈছে।

সেই অনুসৰি, মাধ্যমিক শিক্ষাত শিৱসাগৰ জিলাৰ অমৰজ্যোতি বৰঠাকুৰ, মনোমোহন দেৱ নাথ, লখিমপুৰৰ অনিৰুদ্ধ ফুকন, ধেমাজিৰ বন্দনা হাজৰিকা, কাছাৰৰ নিৰুপম নাথ, গোৱালপাৰাৰ ছজিমুদ্দিন আহমেদ, দৰঙৰ অৰুণ চন্দ্ৰ নাথ, বিশ্বনাথৰ জগদীশ চন্দ্ৰ শৰ্মা, গোলাঘাটৰ চিদানন্দ পাঠক, ধেমাজিৰ সুনিল কোচ, ডিব্ৰুগড়ৰ উদয় শংকৰ গগৈ, বঙাইগাঁৱৰ মীনাকুমাৰী মণ্ডল আৰু নলবাৰী জিলাৰ নৃপেন দত্ত।

উচ্চ প্ৰাথমিকত শোণিতপুৰৰ দশমুকুট কেওট আৰু বঙাইগাওঁ জিলাত মহম্মদ য়াছিন আনছাৰিয়ে লাভ কৰিছে কৃতী শিক্ষকৰ বঁটা।

আনহাতে নিম্ন প্ৰাথমিকত কামৰূপৰ সৰস্বতী দত্ত, মৃগেন্দ্ৰ কলিতা, ডিব্ৰুগড়ৰ দিপালী ডেকা, বিশ্বনাথ জিলাৰ ৰিছু ইংতি, দৰঙৰ কুসুম হাজাৰিকা,

লখিমপুৰৰ অঞ্জনা কোচ,আৰু চৰাইদেউৰ জীতেন দাসে এইবাৰৰ কৃতী শিক্ষকৰ বঁটা লাভ কৰিছে।