৫ খন চুৰি বাইকসহ গভাইত চোৰ গ্ৰেপ্তাৰ আৰক্ষীৰ

নিউজ ডেস্ক। যোৰহাট আৰক্ষীৰ তহলদাৰী দলে নিশা প্ৰাণদীপ কলিতা নামৰ এটা গভাইত মটৰচাইকেল চোৰক গ্ৰেপ্তাৰ কৰাৰ লগতে পাঁচখন চুৰি বাইক জব্দ কৰে।

অৱশ্যে আৰক্ষীৰ অভিযানৰ সময়ত গাড়ী চুৰি চক্ৰটােৰ আন এটা সহযোগী পলাই সাৰিবলৈ সক্ষম হয়।

ধৃত প্ৰাণদীপৰ ঘৰ যোৰহাট কাছগড়ালৰ মথুৰাপুৰত।

নিশা প্ৰাণদীপ আৰু এটা সহযোগীয়ে দুখন চুৰি মটৰ চাইকেল লৈ আহি থকা সময়ত তৰাজানত দহলদাৰী আৰক্ষীয়ে ৰ’বলৈ নিৰ্দেশ দিয়ে। সেয়ে দুয়োটাই পলাবলৈ চেষ্টা কৰাত আৰক্ষীয়ে খেদি যায়।

আৰক্ষীয়ে এখন টিভিএছ এপাচি মটৰ চাইকেলসহ প্ৰাণদীপক কৰায়ত্ত কৰাৰ বিপৰীতে আনটো চোৰে এখন এনএছ পালচাৰ এৰি পলায়ন কৰে।

আৰক্ষীয়ে দুয়োখন মটৰ চাইকেল জব্দ কৰে। প্ৰাণদীপৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে আন তিনিখন চুৰি মটৰ চাইকেলো উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে, নিশা প্ৰাণদীপ আৰু তাৰ সহযোগীয়ে জগন্নাথ বৰুৱা কলেজৰ হোষ্টেলৰ দুজন আবাসী ছাত্ৰৰ বাইক দুখন চুৰি কৰি নিয়া অৱস্থাতে আৰক্ষীৰ মুখামুখী হয়।

আৰক্ষীয়ে সন্দেহবশতঃ চোৰ দুটাক ৰ’বলৈ নিৰ্দেশ দিয়াত চোৰ দুটাই পলাবলৈ চেষ্টা কৰে।

এনে অৱস্থাত আৰক্ষীয়ে প্ৰাণদীপক আটক কৰাৰ বিপৰীতে আনটোৱে মটৰচাইকেল এৰি পলাই যায়।

Leave a Comment