৫০ বছৰত ভৰি দিলে মৰমৰ শিল্পী জুবিন গাৰ্গে, হাৰ্টথ্ৰৱ জুবিনলৈ ওপজা দিনৰ অজস্ৰ শুভকামনা…

৫০ বছৰত ভৰি দিলে অসমবাসীৰ মৰমৰ শিল্পী জুবিন গাৰ্গে।
১৯৭২চনৰ আজিৰ তাৰিখতে জন্মগ্ৰহণ কৰিছিল জুবিন গাৰ্গে।
১৮ নৱেম্বৰ অৰ্থাৎ আজিৰ দিনটোতে মেঘালয়ৰ তুৰাত জন্মগ্ৰহণ কৰিছিল অসমবাসীৰ হাৰ্টথ্ৰ’ব গৰাকীয়ে।

১৯৯২ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত যুৱ মহোৎসৱত পাশ্চাত্য একক পৰিৱেশনত স্বৰ্ণ পদক অৰ্জন কৰাটোৱেই আছিল জুবিনৰ জীৱনৰ টাৰ্ণিং পইণ্ট।
তেতিয়াৰ পৰাই অসমৰ সংগীতৰ জনগতখনত জুবিন গাৰ্গ হৈ পৰিল ধ্ৰুৱতৰা।
জুবিন গাৰ্গ এগৰাকী ভাৰতৰ প্ৰসিদ্ধ কণ্ঠশিল্পী, সংগীত পৰিচালক, গীতিকাৰ, চলচ্চিত্ৰ পৰিচালক তথা অভিনেতা।

তেখেতে অসমীয়া, হিন্দী, বঙালী, বড়োকে ধৰি কেইবাটাও ভাষাত কণ্ঠদান কৰিছে।
জুবিন গাৰ্গ নামটো নামাকৰণ কৰা হৈছিল দেশৰ প্ৰখ্যাত সংগীত শিল্পী জুবিন মেহতাৰ নামেৰে।
১৯৯২ চনত জুবিন গাৰ্গৰ প্ৰথম এলবাম অনামিকাই মুক্তিলাভ কৰিছিল।

২০০৭ চনত জুবিন গাৰ্গে লাভ কৰিছিল ৰজত কমল বঁটা। খাচি চুটি ছবি ‘Echoes of silence’ত কৰা সংগীত পৰিচালনাৰ বাবে লাভ কৰিছিল এই সন্মানীয় বঁটা।
তুমি মোৰ মাথো মোৰ জুবিন গাৰ্গে অভিনয় আৰু পৰিচালনা কৰা প্ৰথমখন অসমীয়া চিনেমা।

জুবিন গাৰ্গে এতিয়ালৈ ৩৭খন ছবিত সংগীত পৰিচালনা কৰাৰ লগতে ২২খন ছবিত কৰিছে অভিনয়।
শিল্পীৰ পৃথিবীত জুবিন এজন অতি উচ্চ মানৰ শিল্পী। জুবিন হ’ল ৰং, ৰূপ, সুধা আৰু অপূৰ্ব কন্ঠৰে এজন পূৰ্ণাংগ শিল্পী! জুবিনৰ কথা আৰু কামৰ মাজত থকা স্বচ্চতা, আবেগ, অনুভূতিবোৰ আচলতে তেখেতৰ সৃষ্টিশীল মনৰ প্ৰতিফলন।

মহান শিল্পীগৰাকীলৈ নিউজ ৮ নৰ্থ ইষ্টৰ পৰিয়ালৰ তৰফৰ পৰা যাঁচিলো অজস্ৰ শুভকামনা।