৪ হাজাৰোধিক বিলাসী বাহনৰ সৈতে সাগৰৰ বুকুত সন্ধানহীন মালবাহী জাহাজ…

আটলান্টিক মহাসাগৰত ডুব গ’ল ৪ সহস্ৰাধিক বিলাসী বাহন কঢ়িওৱা এখন মালবাহী জাহাজ।

যোৱা ১৬ ফেব্ৰুৱাৰীত জা্ৰ্মানীৰ পৰা ৰ’ড আইলেণ্ডৰ এটা বন্দৰলৈ বিলাসী বাহনসমূহ ৰপ্তানি কৰাৰ সময়তে ফেলিচিটি এছ জাহাখনত সংঘটিত হয় অগ্নিকাণ্ড।

অৱশ্যে অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছতে মালবাহী জাহজখনৰ ২২ জন কৰ্মচাৰীক সুৰক্ষিতভাৱে স্থানান্তৰিত কৰা হয় যদিও প্ৰায় ৪ হাজাৰ বিলাসী বাহনৰ সৈতে সাগৰৰ বুকুত সন্ধানহীন হৈ পৰে মালবাহী জাহাজখন।

FMzUnWgXsAY5kns
৪ হাজাৰোধিক বিলাসী বাহনৰ সৈতে সাগৰৰ বুকুত সন্ধানহীন মালবাহী জাহাজ… 4

জাহাজখনত থকা এজন কৰ্মচাৰীয়ে পিছত প্ৰকাশ কৰা মতে, মাজ সাগৰত হঠাৎ জাহাজখনৰ কক ডেকত জুইৰ সূত্ৰপাত হয়। তাৰ পিছতে হাহাকাৰ লাগে। জাহাজখনত থকা ২২ জন কৰ্মচাৰীয়ে নিজৰ জীৱন সুৰক্ষিত কৰি জাহাজখনৰ পৰা ওলাই আহিবলৈ সক্ষম হয় যদিও অগ্নিদগ্ধ জাহাজখন ক্ৰমাৎ সাগৰৰ বুকুত ডুবি যায়।

জাহাজখনত কেইবা লাখ ডলাৰ মূল্যৰ পোৰ্চে, বেন্টলী, লেম্বৰ্গিনিৰ দৰে কোম্পানীৰ বিলাসী বাহন আছিল। ফেলিচিটি এচ ইনচিডেণ্ট ইনফৰ্মেচন চেণ্টাৰ সাগৰৰ বুকুত সন্ধানহীন হোৱা জাহাজখনৰ সন্ধান উলিওৱাৰ চেষ্টা চলায় যদিও ব্যৰ্থ হয়।

G5 1
৪ হাজাৰোধিক বিলাসী বাহনৰ সৈতে সাগৰৰ বুকুত সন্ধানহীন মালবাহী জাহাজ… 5

স্থানীয় উদ্ধাৰকাৰী দলৰ প্ৰাৰম্ভিক প্ৰতিবেদন অনুসৰি, ১৬ ফেব্ৰুৱাৰীৰ পুৱা প্ৰায় ৯ বজাত জাহাজখন সাগৰৰ বুকুত সন্ধানহীন হয়। ফেলিচিটি এচ ইনচিডেণ্ট ইনফৰ্মেচন চেণ্টাৰে ১ মাৰ্চত প্ৰকাশ কৰা এক বিবৃত্তি অনুসৰি, জাহাজখনৰ সন্ধানত কেইবাবাৰো অভিযান চলোৱা হৈছে যদিও প্ৰতিবাৰেই এই অভিযান নিস্ফল হৈছে।

জাহাজখনৰ শেষ অৱস্থিতি সন্দৰ্ভত বিশেষজ্ঞ দলৰ দ্বাৰা তদন্ত চলাই থকা হৈছে।

ব্লুমবাৰ্গৰ মতে জাহাজখনত মুঠ ৩,৯৬৫ খন ফক্সৱাগন গ্ৰুপৰ বাহন আছিল। যাৰ প্ৰায় এক চতুৰ্থাংশই আছিল পোৰ্চে কোম্পানীৰ।

ইয়াৰোপৰি বেন্টলী, লেম্বৰগিনিৰ দৰে বিলাসী বাহনো আছিল জাহাজখনৰ ভিতৰত। প্ৰাথমিক তদন্তত জাহাজখনৰ ভিতৰত থকা মুঠ বিলাসী বাহনৰ মূল্য ৫০০ নিযুত ডলাৰ বুলি অনুমান কৰা হৈছে। আনহাতে মধ্য সাগৰত ডুব যোৱা জাহাজখনৰ মূল্য ২৪.৫ নিযুত ডলাৰ বুলি অনুমান কৰা হৈছে।

জাহাজখনত কিদৰে অগ্নিকাণ্ড সংঘটিত হ’ল সেয়া নিশ্চিত নহয় যদিও হৰ্টাছ বন্দৰৰ কেপ্টেইন জোয়াও মেণ্ডেছ কেবেকাছৰ মতে, জাহাজখনত থকা ইভিবোৰত লিথিয়াম-আয়ন বেটাৰীৰ পৰাই জুইৰ সূত্ৰপাত হৈছিল। যাৰ পৰিণতিত ৪ সহস্ৰ বিলাসী বাহনৰ সৈতে সাগৰৰ বুকুত সন্ধানহীন হৈ পৰে জাহাজখন।

লগতে চাওকঃ

এম্বুলেন্সত উঠি আহিল দৰা, ষ্ট্ৰেছাৰত বহি সম্পন্ন কৰিলে বিবাহ!

G4 1
৪ হাজাৰোধিক বিলাসী বাহনৰ সৈতে সাগৰৰ বুকুত সন্ধানহীন মালবাহী জাহাজ… 6

Leave a Comment