৪৭ বছৰীয়া হ’ল জনপ্ৰিয় কণ্ঠশিল্পী অংগৰাগ পাপন মহন্ত…

আজি কণ্ঠশিল্পী অংগৰাগ পাপন মহন্তৰ ওপজা দিন।

৪৭ বছৰত ভৰি দিলে জনপ্ৰিয় কণ্ঠশিল্পী গৰাকীয়ে।

১৯৭৫ চনৰ ২৪ নৱেম্বৰত নগাঁৱত জন্মগ্ৰহণ কৰিছিল অংগৰাগ পাপন মহন্তই।

প্ৰয়াত শিল্পী খগেন মহন্ত আৰু অৰ্চনা মহন্তৰ সুপুত্ৰ অংগৰাগ পাপন মহন্ত।

সংগীতৰ মায়াজালেৰে কোটি কোটি ভাৰতীয়ৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে পাপনে।

পাপনক আজি ৰাজ্যবাসীৰ লগতে জন্মদিনৰ শুভেচ্ছাৰে ওপচাই পেলাইছে দেশবাসীয়ে।

ফেচবুক, টুইটাৰ, ইনষ্টাগ্ৰাম ভৰি পৰিল পাপনিষ্টৰ শুভেচ্ছাবাণীৰে।

জন্মদিনৰ পূৰ্বসন্ধিয়া দিল্লীৰ লাচিত দিৱসত ইটোৰ পিছত সিটো গীত পৰিৱেশন কৰিলে পাপনে।