৪৫ বছৰীয়া লম্পটৰ কামনাৰ বলি হ’ল ৬ বছৰীয়া কনমানি

নিউজ ডেস্ক। পুনৰ ধৰ্ষণকাণ্ড। এইবাৰ ৪৫ বছৰীয়া লম্পটৰ কামনাৰ বলি হ’ল ৬ বছৰীয়া কণমানি।

কামৰূপৰ গৰৈমাৰীৰ জোৰশিমুলীত সংঘটিত হৈছে এই ঘটনা ৷

জোৰশিমুলী আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে ধৰ্ষণৰ অভিযুক্ত লম্পট জামাল হকক।

উল্লেখ্য যে, শনিবাৰে বিয়লি প্ৰায় ৩টা মান বজাত লম্পট জামাল হকে কনমানি শিশুটিয়ে সমনীয়াৰ সৈতে খেলি থকা সময়ত খোৱা বস্তু দিয়াৰ প্ৰলোভন দি এটা পৰিত্যাক্ত ঘৰত নি ধৰ্ষণ কৰে।

ধৰ্ষণ কৰা অৱস্থাতে অৱস্থাত ৰাইজে হাতে লোটে ধৰা পেলায় যদিও লম্পট জামাল হকে ৰাইজৰ হাতৰ পৰা পলাবলৈ সক্ষম হৈছিল ৷

পিছলৈ ঘটনা সংক্ৰান্তত ৰাইজে স্থানীয় জোৰশিমুলী আৰক্ষীক খবৰ দিয়ে ৷

জোৰশিমুলী আৰক্ষীয়ে খবৰ পোৱা মাত্ৰকে জোৰশিমুলী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নৱজিত ডেকাই অভিযান চলাই ছয়গাঁৱৰ পৰা আটক কৰে লম্পটৰ জামাল হকক।

লগতে চাওকঃ

কৰ্তব্যৰত দুই সহকৰ্মী জােৱানক গুলীয়াই হত্যা কৰি আত্মসমৰ্পণ জােৱানৰ

Leave a Comment