৪১ বছৰীয়া হ’ল ‘কেপ্টেইন কুল’, ইংলেণ্ডৰ মাটিত কেক কাটি উদযাপন কৰিলে জন্মদিন

নিউজ ডেস্কঃ ভাৰতক দুবাৰকৈ বিশ্বকাপ জয়ৰ আমেজ দিয়া অনুৰাগীৰ হিয়াৰ আমঠু প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ আজি জন্মদিন। জীৱনৰ খলা-বমা পাৰ হৈ আজি ৪১ বছৰীয়া হ’ল এম এছ ধোনী। তেওঁৰ এই বিশেষ দিনটো তেওঁৰ যোগ‍্য উত্তৰাধিকাৰী ঋষভ পন্তৰ সৈতে ইংলেণ্ডত উদযাপন কৰে ধোনীয়ে।

কেপ্টেইন কুলৰ পত্নী সাক্ষীয়ে ইনষ্টাগ্ৰামত কেক কাটি থকা এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে। ইতিমধ্যে ভাইৰেল হৈ পৰা ভিডিঅ’টোত বলীউড তাৰকা ৰণবীৰ সিঙকে ধৰি আন বহুতেই তেওঁক জন্মদিনৰ শুভেচ্ছা জ্ঞাপন কৰিছে।

ইফালে মাহীৰ অনুৰাগী সকলেও ৪১ ফুট দীঘল কাট-আউট বনাই ধোনীৰ ৪১ বছৰীয়া জন্মদিন উদযাপন কৰে।

উল্লেখ্য যে, ধোনীয়ে জন্মদিনৰ আগতেই উইম্বলডনৰ খেল চাবলৈ ইংলেণ্ডলৈ গৈছিল। ধোনীয়ে ৰাফেল নাদালৰ খেল উপভোগ কৰাৰ ফটো আনকি উইম্বলডনৰ টুইটাৰ হেণ্ডেলতো পোষ্ট কৰা হৈছিল।

জানিব পৰা মতে, সাক্ষী ধোনীয়ে মাজনিশা ধোনীৰ জন্মদিন উদযাপনৰ পৰিকল্পনা কৰে। সাক্ষীৰ পৰিকল্পনা অনুসৰিয়েই ইংলেণ্ডৰ মাটিত জন্মদিন পালন কৰা হয় এম এছ ধোনীৰ। প্ৰাক্তন অধিনায়কগৰাকীৰ বিশেষ দিনটোত বৰ্তমান ভাৰতীয় ক্ৰিকেট দলৰ উইকেটৰক্ষক ঋষভ পন্তো উপস্থিত থাকে।

ভাৰততো, অনুৰাগীসকলে ধুমধামেৰে মাহীৰ জন্মদিন উদযাপন কৰিছে। বিজয়ৱাড়াত ধোনীৰ ২০১১ চনৰ বিশ্বকাপ জয়ৰ সেই হেলিকপ্টাৰ শ্বটটো খেলাৰ ভংগীমাত ৪১ ফুট দৈৰ্ঘ্যৰ এটা কাট-আউট তৈয়াৰ কৰাহয়। কাট-আউটৰ ছবিখন ইতিমধ্যে ভাইৰেল হৈ পৰিছে।

উল্লেখ্য যে, ২০২০ চনত এম এছ ধোনীয়ে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিলেও আইপিএলত তেওঁক দেখা পোৱা গৈছে। কিন্তু শেহতীয়াকৈ তেওঁ আঁঠুৰ বিষত আক্ৰান্ত হোৱাৰ পৰিপ্ৰেক্ষিতত আগন্তক আইপিএলত সবাতোকৈ জনপ্ৰিয় ক্ৰিকেটাৰগৰাকীক দেখা পোৱা যাব নে নাই তাত সন্দেহ আছে।