৪০ বছৰীয়া আইনী যুঁজ, ১৩ বছৰীয়া সশ্ৰম কাৰাদণ্ড! অৱশেষত পত্নী হত্যা গোচৰৰ পৰা দোষমুক্ত হ’ল এজন ব্যক্তি…

নিউজ ডেস্কঃ সুদীৰ্ঘ ৪০ বছৰীয়া আইনী যুঁজ আৰু ১৩ বছৰ সশ্ৰম কাৰাদণ্ডৰ পিছত অৱশেষত পত্নী হত্যাৰ গোচৰৰ পৰা দোষমুক্ত হ’ল এজন ব্যক্তি।

কাৰাগাৰত ১৩ বছৰতকৈও অধিক সময় পাৰ কৰাৰ পিছত অৱশেষত উচ্চতম ন্যায়ালয়ে নিৰ্দোষী ৰায় প্ৰদান কৰে লোকজনক।

উল্লেখ্য যে, ১৯৮৩ চনৰ মাৰ্চ মাহত পশ্চিম বংগৰ বুৰদ্বানত সংঘটিত হৈছিল এগৰাকী মহিলাৰ হত্যা।

এপ্ৰিলত এই হত্যাকাণ্ডৰ তদন্ত আৰম্ভ কৰি আৰক্ষীয়ে অভিযুক্ত কৰিছিল মহিলাগৰাকীৰ স্বামী নিখিল চন্দ্ৰ মণ্ডলক।

ইয়াৰ পিছতে কলকতা উচ্চ ন্যায়ালয়ে মণ্ডলক দোষী সাব্যস্ত কৰি ২০০৮ চনৰ ১৫ ডিচেম্বৰত যাৱজ্জীৱন কাৰাদণ্ড বিহে।

কিন্তু আৰম্ভণিৰ পৰাই নিজকে নিৰ্দোষী বুলি দাবী কৰি অহা নিখিল চন্দ্ৰ মণ্ডলে উচ্চ ন্যায়ালয়ৰ ৰায়ৰ পিছতো হাৰ মনা নাছিল।

নিজকে নিৰ্দোষী প্ৰমাণ কৰিবলৈ তেওঁ পৰৱৰ্তী সময়ত দাৰস্থ হয় উচ্চতম ন্যায়ালয়ৰ।

আৰু তাতেই সুদীৰ্ঘ ৪০ বছৰীয়া আইনী যুঁজৰ অন্ত পৰে মণ্ডলৰ।

আদালতত তেওঁৰ হৈ অধিবক্তাই দাখিল কৰা যুক্তি আৰু তেওঁৰ বিৰুদ্ধে দাখিল কৰা তথ্য প্ৰমাণৰ অভাৱত মণ্ডলক নিৰ্দোষী ৰায় প্ৰদান কৰে সৰ্বোচ্ছ ন্যায়ালয়ে।

যাৰ বাবে ১৩ বছৰ কাল বিনা দোষত কাৰাগাৰৰ কুঠৰীত পাৰ কৰি অৱশেষত মুকলি আকাশৰ তললৈ ওলাই আহিবলৈ সক্ষম হয় বৰ্তমান ৬৪ বৰ্ষীয় নিখিল চন্দ্ৰ মণ্ডল।