৪০০ কোটি টকা মূল্যৰ হেৰোইন কঢ়িয়াই অনা পাকিস্তানী জাহাজ জব্দ, ৬ জনক আটক

নিউজ ডেস্ক। গুজৰাট উপকূলৰ ওচৰৰ ভাৰতীয় জলসীমাত উপকূলৰক্ষী বাহিনী আৰু গুজৰাট এটিএছে যুটীয়া অভিযান চলাই এখন পাকিস্তানী জাহাজৰ পৰা প্ৰায় ৪০০ কোটি টকা মূল্যৰ ৭৭ কেজি হেৰোইন জব্দ কৰিবলৈ সক্ষম হয়।

অবৈধভাৱে ভাৰতীয় জলসীমাত প্ৰৱেশ কৰা ‘আল হুছেইনি’ নামৰ পাকিস্তানী জাহাজখনত থকা ৬ জন কৰ্মচাৰীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু অধিক তদন্তৰ বাবে গুজৰাটৰ কচ্ছ জিলাৰ জাখৌ উপকূললৈ লৈ যোৱা হৈছে।

FHCKFKf-Uc-AEKS6u

নিৰাপত্তা প্ৰতিষ্ঠানৰ এক সূত্ৰই সদৰী কৰা মতে, পাকিস্তানে তালিবান নিয়ন্ত্ৰিত আফগানিস্তানৰ পৰা ভাৰতলৈ এই বৃহৎ পৰিমাণৰ ড্ৰাগছ সৰবৰাহ কৰি আহিছে। তেওঁ লগতে কয় যে আইএছআইৰ সহায় অবিহনে এই সৰবৰাহ সম্ভৱ নহয়।

উল্লেখ্য যে, চলিত বৰ্ষৰ এপ্ৰিল মাহত উপকূলৰক্ষী বাহিনী আৰু এটিএছে একে ধৰণৰ অভিযান চলাই কচ্ছৰ জাখৌ উপকূলৰ ওচৰৰ ভাৰতীয় জলসীমাৰ পৰা ৮ জন পাকিস্তানী নাগৰিকৰ সৈতে ১৫০ কোটি টকাৰ ৩০ কিলোগ্ৰাম হেৰোইন কঢ়িয়াই অনা এখন জাহাজ জব্দ কৰিছিল।

FHB-z-MFVc-AAFs-Yd

আনহাতে, যোৱা মাহত, এটিএছ-য়ে গুজৰাটৰ মৰবি জিলাৰ এটা নিৰ্মীয়মান ঘৰৰ পৰা প্ৰায় ৬০০ কোটি টকা মূল্যৰ ড্ৰাগছ জব্দ কৰিছিল। এটিএছ-য়ে পৰৱৰ্তী সময়ত সদৰী কৰা মতে এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি পাকিস্তানী ড্ৰাগছ ব্যৱসায়ীসকলে আৰৱ সাগৰৰ মাজেৰে ভাৰতীয় বজাৰলৈ প্ৰেৰণ কৰিছিল।

লগতে চাওকঃ

আজৱ ঘটনা! ২৫০টাকৈ কুকুৰক হত্যা কৰি ল’লে প্ৰতিশোধ, অৱশেষত বন বিভাগে বন্দী কৰিলে ২টা বান্দৰক

Leave a Comment