৩ মাহ কাৰাবাস খাটি অৱশেষত মুকলি আকাশৰ তললৈ আহিল বিতোপন চাংমাই…

অৱশেষত মুকলি আকাশৰ তললৈ আহিল বিতোপন চাংমাই।
৩ মাহ কাৰাবন্দীৰ অন্তত জামিনত মুক্তি লাভ কৰে আমগুৰিৰ বালিপথৰাৰ যুৱক বিতোপন চাংমাইৰ।
কাৰাগাৰৰ পৰা ওলাই বিতোপন চাংমাইয়ে উত্থাপন কৰিছে গুৰুতৰ অভিযোগ।
তেওঁ অভিযোগ কৰি কয়- মোক মিছা অভিযোগত গ্ৰেপ্তাৰ কৰি কাৰাগাৰত বন্দী কৰি ৰাখিলে। আমাৰ দৰে নৱ প্ৰজন্মৰ ভৱিষ্যত এনেদৰে ধ্বংসৰ মুখলৈ ঠেলি দিয়াটো কেতিয়াও উচিত নহয়।
উল্লেখ্য যে, বৰ্ষাশ্ৰী বুঢ়াগোহাঁইৰ ফেচবুক প’ষ্টত কমেণ্ট দি ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল বিতোপন চাংমাই।
আমগুৰি থানাত ৰুজু কৰা ৫৩/২০২২ নং গোচৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ১২০(বি)/১২১/১২১(এ)/ আৰু ১০১৩ ইউ পি এ এক্টৰ অধীনত গ্ৰেপ্তাৰ কৰিছিল বিতোপনক
ইয়াৰ উপৰি হোৱাটছএপ, ফেচবুক আদি কোনো মাধ্যমৰ যোগেদি বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক আলফাত যোগদানৰ বাবে কেতিয়াও উচতনি দিয়া নাছিল বুলিও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিতোপন চাংমাইয়ে।