fbpx
অসমীয়াৰাষ্ট্ৰীয়

৩ বছৰীয়া কণমানিক চকলেটৰ প্ৰলোভন দি যৌন নিগ্ৰহ! ৮৩ বৰ্ষীয় পূজাৰীক ৪৫ বছৰৰ সশ্ৰম কাৰাদণ্ড আদালতৰ…

নিউজ ডেস্কঃ ৩ বছৰ পূৰ্বে সংঘটিত কৰা এক লজ্জাজনক অপৰাধৰ বাবে ৪৫ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহা হ’ল ৮৩ বছৰীয়া এজন মন্দিৰৰ পূজাৰীক।

কেৰালাৰ এৰ্নাকুলাম পক্স’ আদালতে শেহতীয়াকৈ এই কাৰাদণ্ড বিহে ধৰ্ষণ গোচৰত দোষী সাব্যস্ত হোৱা পূজাৰীজনক।

উল্লেখ্য যে, এৰ্নাকুলামৰ উদয়াম্পেৰুৰ নিৱাসী পুৰুষোথামন গাঁওখনৰে এটা মন্দিৰৰ পূজাৰী হিচাপে কাম কৰিছিল।

তিনি বছৰ পূৰ্বে সেই মন্দিৰৰ কাষতে বাস কৰা এটি চাৰে তিনিবছৰীয়া শিশুক যৌন নিৰ্যাতন চলাইছিল লম্পট পূজাৰীজনে।

চকলেট আৰু খিচমিচ দিয়াৰ প্ৰলোভন দি শিশুটিৰ সৈতে কৰে এনে যৌন নিগ্ৰহৰ ঘটনা পোহৰলৈ অহাৰ পিছতে আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে ৰুজু কৰিছিল গোচৰ।

ইয়াৰ পিছতে কাৰাবন্দী হৈ থকা ৮৩ বৰ্ষীয় লম্পট পূজাৰীজনক অৱষেষত পক্স’ আদালতৰ ন্যায়াধীশ কে সোমনে ৪৫ বছৰৰ সশ্ৰম কাৰাদণ্ডৰ লগতে ৮০ হাজাৰ টকাৰ জৰিমনা বিহে।

Related Articles

Back to top button